বাক্সাৰ লাউখাটাত বিশেষভাৱে সক্ষম ছাত্ৰক অভিনন্দন মদাহি জনজাতি সন্মিলনৰ
নিয়মীয়া বাৰ্তা, ৮ জুনঃ বাক্সা জিলাৰ লাউখাটাস্থিত শ্ৰীশ্ৰী শংকৰদেৱ হাইস্কুলৰ বিশেষভাৱে সক্ষম ছাত্ৰ অনন্ত মদাহিয়ে শাৰীৰিক বাধা আৰু আৰ্থিক দুৰৱস্থাকো নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত পৰিয়ালৰ লগতে শুভাকাংক্ষী ৰাইজে আনন্দ প্ৰকাশ কৰিছে। নিজ গাঁও সাদেৰীচুবাৰ পৰা বাঘাজানী-লাউখাটাস্থিত বিদ্যালয়লৈ প্ৰায় দুই কিলোমিটাৰ পথ হুইল চেয়াৰেৰে– কেতিয়াবা পিতৃ কন্দৰ্প মদাহি বা মাতৃ অমিয়া মদাহিৰ সহায়ত, কেতিয়াবা আকৌ সহপাঠিৰ সহযোগত — অতিক্ৰম কৰি দৃঢ় মনোবল আৰু শিক্ষা গ্ৰহণৰ প্ৰতি প্ৰবল ইচ্ছাশক্তিৰ পৰিচয় দিবলৈ সক্ষম হোৱা ছাত্ৰ গৰাকীৰ কৃতিত্বত সন্তোষ প্ৰকাশ কৰি অভিন্দন জনাইছে সদৌ অসম মদাহি জনজাতি সন্মিলন, সদৌ অসম মদাহি জনজাতি ছাত্ৰ সন্থা আৰু মদাহি জনজাতি সাহিত্য সভাই । শাৰীৰিকভাৱে বিধাগ্ৰস্ত গৰীৱ পৰিয়ালৰ ছাত্ৰ অনন্ত মদাহিয়ে পৰৱৰ্তী উচ্চ শিক্ষা গ্ৰহণৰ বাবে নিজ ঘৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত অৱস্থিত চাপাগুৰি ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে শ্ৰী শ্ৰী শংকৰদেৱ হাইস্কুলৰ বড়ো মাধ্যমৰ তিনিগৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ, তিনি গৰাকীয়ে দ্বিতীয় আৰু দুগৰাকী শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ ৮৮.৮৮ শতাংশ। বিদ্যালয়খনৰ বড়ো মাধ্যমৰ কৃতী শিক্ষাৰ্থী ৰিমঝিম বড়ো, সৌৰভ বড়ো আৰু দানসৌৰাং বড়োৱে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত শিক্ষক-শিক্ষয়িত্ৰীসকলে কৃতী ছাত্ৰ কেইগৰাকীক আৰণাই প্ৰদান কৰি অভিন্দন জনায়।
প্ৰেৰক দিগন্ত দাস