‘কংগ্ৰেছ-AIUDFৰ মিত্ৰতা হ’ল কংগ্ৰেছে অসমীয়াৰ বুকুত মৰা আটাইতকৈ ডাঙৰ ডেগাৰ’
নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ তৰুণ গগৈ ডাঙৰীয়া, ৰিপুণ বৰা অথবা কংগ্ৰেছে AIUDFৰ লগত মিত্ৰতা কৰি বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিৰ ভাগ্যনিয়ন্ত্ৰা হ’বলৈ সুযোগ দি অসমীয়াৰ বুকুত আজিলৈকে মৰা সকলোতকৈ ডাঙৰ ডেগাৰ বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী পীয়ৃষ হাজৰিকাই।
এই মিত্ৰজোঁটে অসমীয়াৰ ক্ষতি কৰিব। আমি অসমীয়াৰ ক্ষতি হ’ব কেতিয়াও নিদিও। অসমীয়াৰ ক্ষতি কৰা শক্তিৰ বিৰুদ্ধে আমি যুঁজি যাম। কোনোবা যদি বদৰুদ্দিন আজমলৰ বোকোছাত উঠি মন্ত্ৰী হ’ব পাৰে, বিধায়ক হ’ব পাৰে, মুখ্যমন্ত্ৰী হ’ব পাৰে তাৰবাবে এই আখৰা কৰিছে কংগ্ৰেছে। আৰু ই কোনোদিনেই ভাল ফল আনিব নোৱাৰে। আমি কেতিয়াও এনে হ’ব নিদিওঁ বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে পীয়ূষ হাজৰিকাই।