নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ কামেই হৈছে ঠগ–প্রৱঞ্চনা কৰাঃ জে পি নাড্ডা

নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ ভোটাৰ ৰাইজক আকর্ষিত কৰিবলৈ শাসক–বিৰোধীৰ মাৰাথন প্রচাৰ অভিযানে উত্তাল কৰি ৰাখিছে ৰাজ্যৰ নির্বাচনী প্রেক্ষাপট৷ সোমবাৰে  দিনটোতো কেইবাজনো ৰথী–মহাৰথীয়ে অসমত নির্বাচনী প্রচাৰ চলায়৷ শাসকীয় মিত্রজোঁটক নেতৃত্ব দিয়া বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই আজি সম্বোধন কৰে তিনিখনকৈ জনসমাৱেশ৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতিজনে টিংখাং, তিতাবৰ আৰু বিহালীত দলীয় প্রার্থী ক্রমে বিমল বৰা, হেমন্ত কলিতা আৰু ৰঞ্জিত দত্তৰ সমর্থনত প্রচাৰ চলায়৷ তিনিওখন জনসমাৱেশতে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই কংগ্রেছ–এআইইউডিএফক্ সমালোচনাৰে থকা–সৰকা কৰাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰৰ কার্যকালত অসমৰ উন্নয়ন–বিকাশৰ হকে গ্রহণ কৰা পদক্ষেপসমূহৰ বিশদ ব্যাখ্যা কৰে৷ নিজ ভাষণত তেওঁ কয় যে অসমত কংগ্রেছে বদৰুদ্দিন আজমলৰ লগ লাগি নির্বাচনী যুঁজত নামিছে৷ সেইজন বদৰুদ্দিন আজমলকে ২০০৬ চনত প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈয়ে ‘হু ইজ বদৰুদ্দিন’ বুলি কৈছিল৷ পিছে আজি প্রয়াত গগৈৰ পুত্রই আজমলক সাবটি ধৰি কৈছে– ‘হি ইজ বদৰুদ্দিন৷’ আমি ইয়াৰ তীব্র বিৰোধিতা কৰিব লাগিব৷

ক্ষমতাৰ বাবে কংগ্রেছে নীতি–আদর্শ বিসর্জন দিব পাৰে বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে কেৰালাত কংগ্রেছে বাঁও দলৰ সৈতে মুছলিমৰ বিৰুদ্ধে অৱতীর্ণ হোৱাৰ বিপৰীতে অসমত বাঁও দল আৰু বদৰুদ্দিন আজমলৰ এআইইউডিএফৰ সৈতে মিত্রতা কৰিছে৷ পশ্চিমবংগতো কংগ্রেছে জোঁটবন্ধন কৰিছে বাঁওপন্থীৰ লগত৷ প্রকৃততে কংগ্রেছৰ নীতি–আদর্শ স্পষ্ট নহয়৷ এই প্রসংগতে তেওঁ কংগ্রেছক হাতীৰ দাঁতৰ লগত তুলনা কৰে৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতিজনৰ মতে হাতীৰ দৰে কংগ্রেছৰ দেখুওৱা দাঁত এটা আৰু আহাৰ খোৱা দাঁত আন এটা৷ কংগ্রেছে অসমৰ সভ্যতাত আঘাত হনাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে বিজেপিৰ ৰাষ্ট্রীয় সভাপতিজনে৷ তেওঁ কয় যে কংগ্রেছে অসমৰ সুৰক্ষা নিশ্চিত কৰিব পৰা নাছিল৷ যাৰ কাৰণে ৰাজ্যখনৰ সমস্যাবোৰ বৃদ্ধি পাই গৈ আছিল৷ কংগ্রেছৰ কামেই হৈছে ঠগ–প্রৱঞ্চনা কৰা আৰু কামবোৰ পেলাই ৰখা৷ কিন্তু পাঁচ বছৰ পূর্বে সর্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত বিজেপি মিত্রজোঁটৰ আৰু তাৰ কিছু আগতে কেন্দ্রত নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ আহিল৷ বিজেপি চৰকাৰৰ কার্যকালত অসম উন্নয়ন আৰু বিকাশৰ দিশে আগবাঢ়ি গৈছে৷ অসমৰ বাস্তৱ চিত্র আৰু ভাগ্যলৈ পৰিৱর্তন আহিছে৷ কংগ্রেছৰ সমান্তৰালভাৱে বদৰুদ্দিন আজমল তথা এআইইউডিএফকো তেওঁ আক্রমণৰ লক্ষ্য কৰি লয়৷ তেওঁ কয় যে বদৰুদ্দিন আজমলৰ দল হৈছে অসমীয়া সমাজ ভঙাৰ দল৷ বদৰুদ্দিন আজমলৰ হাতত অসমীয়া সভ্যতা–কৃষ্টি–সংস্কৃ সুৰক্ষিত নহয়৷ অসমৰ সমাজ জীৱন আৰু সংস্কৃতি ৰক্ষাৰ ক্ষেত্রত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱাৰ উন্নয়ন–বিকাশৰ বাবে চৰকাৰে ১৮৮ কোটি টকাৰ আঁচনি গ্রহণ কৰিছে৷

কংগ্রেছ চৰকাৰে কিন্তু অসমৰ উন্নয়ন–বিকাশক কেতিয়াও আগস্থান দিয়া নাছিল৷ লোকপ্রিয় গোপীনাথ বৰদলৈক ভাৰত ৰত্ন দিবলৈ বিজেপিৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনলৈকে অপেক্ষা কৰিবলগীয়া হৈছিল৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছে৷ অসমৰ সংস্কৃতি আৰু পৰিচয় জীয়াই ৰখাৰ স্বার্থত বিজেপিয়ে সদায় কাম কৰি আহিছে৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতিজনে বিশ্ববিখ্যাত অসমৰ এশিঙীয়া গঁড় হত্যাৰ প্রসংগও নিজ ভাষণত টানি আনে৷ তেওঁ কয় যে কংগ্রেছ চৰকাৰৰ আশীর্বাদতে অসমত গঁড় হত্যা ব্যাপক হাৰত বৃদ্ধি পাইছিল৷ কিন্তু সর্বানন্দ সোণোৱালৰ নেতৃত্বত মিত্রজোঁটৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অসমত গঁড়ৰ চোৰাং চিকাৰ সম্পূর্ণৰূপে বন্ধ হ’ল৷ বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ উন্নয়ন–বিকাশৰ বাবে গ্রহণ কৰা পদক্ষেপৰ প্রসংগ উল্লেখ কৰি তেওঁ কয় যে বছৰ বছৰ ধৰি বসবাস কৰি অহা অসমৰ ভূমিপুত্রই মাটিৰ পট্টা পাবলৈ সক্ষম হোৱা নাছিল৷ পিছে বিজেপি চৰকাৰে বিগত ছয় মাহতে প্রায় ৩.৩০ লাখ লোকক ভূমিৰ পট্টা দি মাটিৰ অধিকাৰ প্রদান কৰিলে৷ বগীবিল দলঙৰ নির্মাণ দীর্ঘসময় ধৰি অসম্পূর্ণ হৈ আছিল৷ বিজেপি চৰকাৰৰ দিনতে বগীবিল দলঙৰ কাম সম্পূর্ণ হৈ উঠিল৷ মুঠতে অসমৰ সমৃদ্ধি আৰু বিকাশ সাধন হৈছে কেৱল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত৷ অসমত নির্মাণ কৰা পথ, গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ উন্নীতকৰণ, ১৪টাকৈ নতুন আকাশী পথৰ ব্যৱস্থা আদিৰ কথাও তেওঁ উল্লেখ কৰে৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতিজনে পুনৰ কয় যে কংগ্রেছ চৰকাৰে ইমান বছৰে গাঁৱৰ দুখীয়া জনসাধাৰণৰ বাবে একেবাৰে চিন্তা কৰা নাছিল৷

বিজেপি চৰকাৰে বিগত পাঁচ বছৰত প্রায় ১১ কোটি শৌচালয় নির্মাণ কৰি অসমৰ মহিলাসকলক সন্মান প্রদান কৰিছে৷ ১৮ হাজাৰ গাঁৱত এহেজাৰ দিনৰ ভিতৰতে বিদ্যুৎ সংযোগ কৰা হৈছে৷ ৮ কোটি দৰিদ্র মহিলাক দিয়া হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰ৷ প্রধানমন্ত্রীৰ কৃষক সন্মান নিধিৰ অধীনত দেশৰ ১১.৭০ কোটি আৰু অসমৰ ১৬ লাখ কৃষকক ২০০০ টকাকৈ তিনিটা কিস্তি আগবঢ়োৱা হৈছে৷ ইয়াত অকণো দুর্নীতি হোৱা নাই৷ বর্তমান তৃতীয়বর্ষৰ প্রথম কিস্তিৰ ২০০০ টকাকৈও দিয়া হৈছে কৃষকসকলক৷ এই সকলোবোৰ সম্ভৱ হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত৷ নাম উল্লেখ নকৰাকৈ সর্বভাৰতীয় কংগ্রেছৰ সাধাৰণ সম্পাদিকা প্রিয়ংকা গান্ধীক তীব্র কটাক্ষ কৰে বিজেপিৰ ৰাষ্ট্রীয় সভাপতিজনে৷ সমৱেত ৰাইজক উদ্দেশ্যি তেওঁ কয়– আপোনালোকে নিশ্চয় জানে চাহ বাগিচাত এপ্রিল মাহত পাত ছিঙা হয়৷ কিন্তু মার্চ মাহত পাত ছিঙি নাটক কৰাৰ অর্থ কি? কংগ্রেছ নেত্রী অসমলৈ অহাৰ আগতে চাহ বাগিচাত তোলা ফটো প্রকাশ কৰে৷ পাছতহে আমি পৰীক্ষা কৰি গম পাওঁ যে সেই চাহ বাগিচা অসমৰ নহয়৷ কোনোবাখন টাইৱানৰ, কোনোবাখন শ্রীলংকাৰ৷ প্রকৃততে এওঁলোকে ভাৰতৰ ভূমি পচন্দই নকৰে৷ ভাৰতত অকল ৰাজনীতি কৰিবলৈ আহে৷ ৰাইজক ঠগে, প্রৱঞ্চনা কৰে, বিভ্রান্তিৰ সৃষ্টি কৰে৷ এনেদৰে ৰাজনীতি কৰিব বিচৰাসকলক উচিত শিক্ষা দিবলৈ আহ্বান জনাই তেওঁ পুনৰ কয় যে কংগ্রেছ দলে ৫০ বছৰ শাসনত থাকিও অসমৰ চাহ শ্রমিকৰ বাবে একোৱেই নকৰিলে৷ এতিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে ১০০০ কোটি টকা ধার্য কৰিছে৷

বড়োলেণ্ডৰ সমস্যা কংগ্রেছৰ শাসনকালত সমস্যা হৈয়ে থাকিল বুলিও উল্লেখ কৰে৷ নৰেন্দ্র মোদী আৰু সর্বানন্দ সোণোৱাল চৰকাৰে বড়োলেণ্ড সমস্যাৰ সমাধান কৰাৰ দাবী কৰি বড়োলেণ্ডত শান্তি ঘূৰাই আনিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই৷ উল্লেখ্য যে টিংখাং সমষ্টিৰ ৰাজগড়ৰ সমীপৱর্তী লংবৈ ৰাজহুৱা খেলপথাৰত আয়োজিত সমাৱেশখনত দলীয় প্রার্থী বিমল বৰায়ো ভাষণ আগবঢ়ায়৷ কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা উপস্থিত থকা সমাৱেশখনত আদৰণী ভাষণ দি প্রার্থী বিমল বৰাই কয় যে অসমৰ আকাশত এতিয়া ৰামধেনু অংকন হৈছে৷ টিংখাঙত উন্নয়নৰ ধ্বজা আগবঢ়াই নিয়াৰ স্বার্থত আগন্তুক নির্বাচনত বিজেপিৰ সপক্ষে বৰষুণৰ দৰে ভোট পৰিব৷ সেইদৰে তিতাবৰৰ বৰহোলা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত আনখন সমাৱেশত আদৰণী ভাষণ দি বিজেপি প্রার্থী হেমন্ত কলিতাই কয়– তিতাবৰ মোৰ বাবে কর্মভূমি, সমষ্টি নহয়৷ ৰাইজৰ আশীর্বাদ লৈ ৰাজনীতিত আগবাঢ়িছোঁ৷ সকলো ভাষাভাষী, ধর্মাৱলম্বী লোকেৰে পৰিপূর্ণ তিতাবৰত মানুহৰ ৰাজনীতি কৰি মানুহৰ বিকাশ হোৱাটো বিচাৰিছোঁ৷ সমাৱেশখনত সাংসদ কামাখ্যা প্রসাদ তাছা, যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাস আৰু চত্তিশগড়ৰ প্রাক্তন সাংসদ অভিষেক সিঙকে ধৰি দলীয় নেতৃবৃন্দ উপস্থিত আছিল৷ ইফালে, বিহালীৰ বৰগাং নিউ কেটেলা খেলপথাৰত আয়োজিত সমাৱেশখনত ভাষণ দি বিজেপি প্রার্থী তথা মন্ত্রী ৰঞ্জিত দত্তই মহাজোঁটৰ প্রার্থী বিবেক দাসৰ পৰাজয় অনিবার্য বুলি দাবী কৰে৷ এই সমাৱেশখনত সাংসদ পল্লৱলোচন দাস, কামাখ্যা প্রসাদ তাছা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰকে ধৰি দলীয় নেতৃবৃন্দ উপস্থিত আছিল৷

You might also like