কণ্টেইনমেণ্ট জ’নৰ জালত বন্দী অসম
নিয়মীয়া বাৰ্তা ১৫ জুনঃ ক’ৰোনা আক্রান্তৰ মানচিত্রত নাম সোমাল গোৱালপাৰাৰ কৃষ্ণাইৰ৷ যোৱানিশা কৃষ্ণাই থানাৰ অন্তর্গত আশুডুবীৰ ক্ষুদ্র ব্যৱসায়ী দুলাল সাহা ক’ভিড ১৯ত আক্রান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰে৷ কোনোধৰণৰ ট্ৰেভেল হিষ্ট্রী নথকা দুলাল সাহা (৪৪) ক’ভিড–১৯ আক্রান্ত হোৱাৰ খবৰে অঞ্চলটোত সামাজিক সংক্রমণৰ ইংগিত বহন কৰা বুলি বহু লোকে আশংকা কৰিছে৷ জানিব পৰা মতে, কর্কট ৰোগত আক্রান্ত দুলাল সাহাই এসপ্তাহ পূর্বে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ সময়তে ক’ভিড–১৯ পৰীক্ষাৰ বাবে ছোৱাব দিয়ে আৰু শনিবাৰে নিশা স্বাস্থ্য বিভাগে দুলাল সাহাক পজিটিভ বুলি ঘোষণা কৰে৷ স্বাস্থ্য বিভাগে ইতিমধ্যে দুলাল সাহাৰ গাঁওখনৰ লগতে আশুডুবী অঞ্চলৰ উত্তৰ দিশে ৩৭নং ৰাষ্ট্রীয় পথ, দক্ষিণে আশুডুবী বেতবাৰী পইণ্ট, পশ্চিমে কৃষ্ণাই কৃষি পাম আৰু পূবে কৃষ্ণাই নৈক সামৰি এক বৃহৎ অঞ্চলক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷ ইফালে দুলাল সাহাক গুৱাহাটীলৈ লৈ যোৱা গাড়ীখনৰ চালক জ্যোতিনগৰৰ গৌতম সাহাৰ পৰিয়ালৰ লগতে দুলাল সাহাৰ পৰিয়ালৰ মুঠ ১৩জনক হোম কোৱাৰেণ্টাইন কৰিছে জিলা প্রশাসনে৷ অভিযোগ অনুসৰি দুলাল সাহাৰ পৰিয়ালৰ একাংশ লোকে আজি পুৱালৈকে কৃষ্ণাই বজাৰৰ দোকান–পোহাৰত বজাৰ–সমাৰ কৰি থকা বহুতে প্রত্যক্ষ কৰিছে৷
ঘগ্রাপাৰত যুৱক ক’ভিড পজিটিভ
নলবাৰী জিলাৰ ঘগ্রাপাৰ ৰাজহ চক্রৰ অন্তর্গত কুঁৱৰীকুছি গাঁৱৰ এজন যুৱকৰ শৰীৰত আজি ধৰা পৰিছে ক’ভিড–১৯ পজিটিভ৷ এই লৈ বৃহত্তৰ ঘগ্রাপাৰ অঞ্চলত তীব্র আতংকই বিৰাজ কৰিছে৷ যুৱকজন হ’ল ঘগ্রাপাৰ ৰাজহ চক্রৰ অন্তর্গত কুঁৱৰীকুছি গাঁৱৰ ৰঞ্জিত ডেকা আৰু কণিকা ডেকাৰ পুত্র মৃগেন ডেকা (২৩)৷ জানিব পৰা মতে, মৃগেন ডেকাই গুৱাহাটীৰ পাণবজাৰৰ ডিষ্ট্রিবিউটৰত কর্মৰত হৈ আছিল৷ মৃগেনে গুৱাহাটীতে ছোৱাব পৰীক্ষা কৰি আহি কালি নিজ ঘৰলৈ উভতি আহে৷ ছোৱাব পৰীক্ষাৰ পিছত মৃগেন ডেকা ক’ভিড–১৯ পজিটিভ বুলি খবৰ লাভ কৰাৰ পিছতে বৃহত্তৰ ঘগ্রাপাৰ অঞ্চলত তীব্র আতংকই বিৰাজ কৰে৷ ইতিমধ্যে ঘগ্রাপাৰ খণ্ড প্রাথমিক চিকিৎসা কেন্দ্রৰ পৰা তৎকালীনভাৱে ১০৮যোগে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ক’ভিড–১৯ চিকিৎসালয়লৈ প্রেৰণ কৰে৷ উল্লেখ্য যে মৃগেন ডেকাই ওচৰ–চুবুৰীয়াৰ লগতে কাৰ কেনেকৈ সংস্পলৈ আহিছিল এই লৈ গাঁওখনত তীব্র আতংকৰ সৃষ্টি হৈছে৷
নগৰবেৰাত পুনৰ এজন আক্রান্ত
নগৰবেৰাৰ টুপামাৰী ৰংগেশ্বৰীপামত (পলাশীপাৰা চুবুৰি) এজন যুৱকৰ দেহত ক’ভিড–১৯ ধৰা পৰাত অঞ্চলজুৰি চাঞ্চল্য বিয়পে৷ প্রাপ্ত তথ্য অনুসৰি যোৱা ৩১ মে’ত ৰে’লযোগে চেন্নাইৰ পৰা উভতি অহা গাঁওখনৰ নিজাম উদ্দিনৰ পুত্র আজিমুদ্দিনৰ (২৫) গুৱাহাটীত ছোৱাব পৰীক্ষা কৰা হৈছিল৷ কিন্তু ৰোগৰ লক্ষণ ধৰা নপৰাত গাঁৱলৈ পঠিয়াই দিয়ে৷হোম কোৱাৰেণ্টাইনত থকাৰ মাজতে স্থানীয় স্বাস্থ্য বিভাগৰ লোকে পুনৰ ছোৱাব সংগ্রহ কৰি পৰীক্ষাৰ বাবে পঠিয়াইছিল৷ কালি সন্ধিয়া যুৱকজনৰ পৰীক্ষাৰ ফলাফল পজিটিভ ওলোৱাত আজি স্বাস্থ্য বিভাগে যুৱকজনক গুৱাহাটীৰ ক’ভিড হাস্পতাললৈ প্রেৰণ কৰে৷ স্মর্তব্য যে যুৱকজন জ্যেষ্ঠ ভাতৃৰ স’তে চেন্নাইত ছিকিউৰিটী গার্ড হিচাপে কর্মৰত আছিল যদিও যোৱা ৩১ মে’ত দুয়ো নিজ গৃহলৈ আহিছিল৷ আনহাতে কিছুদিনৰ পূর্বে জ্যেষ্ঠ ভাতৃ আকবৰ আলীৰো পজিটিভ ধৰা পৰাত চিকিৎসাধীন হৈ থাকি সুস্থ হোৱাত ঘৰলৈ উভতিছে৷
চাংসাৰিত মহিলাৰ দেহত ক’ৰোনা
কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্রৰ অন্তর্গত তথা চাংসাৰিৰ নিকটৱর্তী পানীটেমা গাঁৱৰ এগৰাকী মহিলাৰ দেহত ক’ভিড–১৯ পজিটিভক লৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য৷ কোনো ড্রেভেল হিষ্ট্রী নথকা ৫১ বছৰীয়া মহিলাগৰাকী কর্কট ৰোগী বুলি জানিব পৰা গৈছে৷ প্রাপ্ত তথ্য মতে, পানীটেমা ৰাসখোলাৰ গেলামালৰ দোকানী হেমচন্দ্র কলিতাৰ পত্নী কুসুম কলিতা যোৱা ২০ এপ্রিলত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কেন্সাৰ বিভাগত চিকিৎসাৰ বাবে গৈছিল৷ সেইদিনাই তেওঁ কর্কট ৰোগত আক্রান্ত হোৱা বুলি অৱগত হয়৷ কিন্তু পিছলৈ লকডাউনৰ বাবে ঘৰতে আছিল যদিও তিনি দিন পূর্বে অর্থাৎ ১১ জুনত মহিলাগৰাকীক পুনৰ লৈ যোৱা হৈছিল জি এম চি এইচলৈ৷ চিকিৎসকে চিকিৎসা কৰাৰ পূর্বে মহিলাগৰাকীক ক’ভিড টেষ্ট কৰিবলৈ পৰামর্শ দিছিল৷ তাৰ পিছত মহিলাগৰাকী কুমাৰ নার্ছিং হোমলৈ আহি তাত যদুমণি বৰগোহাঁই নামৰ চিকিৎসকগৰাকীক সাক্ষাৎ কৰি পুনৰ জি এম চি এইচলৈ যায়৷ তাত মহিলাগৰাকীয়ে শাৰী পাতি ছোৱাব টেষ্ট কৰাই ঘৰলৈ ৰাওনা হয়৷ ইয়াৰ মাজতে মহিলাগৰাকী আৰু পৰিয়ালৰ আন লোকে আদাবাৰীৰ পদ্মা হোটেলত চাহ খাইছিল৷ ইমানলৈকে ঠিকে আছিল যদিও যোৱানিশা ১.৩০ বজাত স্বাস্থ্য বিভাগৰ লোক আহি মহিলাগৰাকী ক’ৰোনাত আক্রান্ত হোৱাৰ খবৰ দি নিশাই এম এম চি হাস্পতাললৈ লৈ যায়৷ ঘৰতে আবদ্ধ হৈ থকা মহিলাগৰাকীক গুৱাহাটীলৈ যাবৰ দিনাই ছোৱাব টেষ্ট কৰা হৈছিল আৰু ৰিজাল্ট পজিটিভ হোৱা বিষয়টো চিন্তনীয়৷ ইপিনে আজি পুৱাৰ ভাগতে স্বাস্থ্য বিভাগৰ দলৰ লগতে স্থানীয় বিধায়ক সত্যব্রত কলিতা উপস্থিত হয় পানীটেমাৰ চুবুৰিটোত৷ বিধায়কগৰাকীয়ে চুবুৰিটো ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰাৰ লগতে সমগ্র বিষয়টো নিৰীক্ষণ কৰে৷ উল্লেখ্য যে স্বামীৰ দোকানত মহিলাগৰাকীও মাজে–সময়ে বহিছিল৷ এনে অৱস্থাত বহু লোক মহিলাগৰাকীৰ সংস্পর্শলৈ অহাৰ প্রতি লক্ষ্য ৰাখি ২৩জনৰ আজি ছোৱাব সংগ্রহ কৰে স্বাস্থ্য বিভাগে৷ তদুপৰি ২০টা পৰিয়ালক হোম কোৱাৰেণ্টাইন কৰাৰ লগতে চুবুৰিটো কোণ্টেইনমেণ্ট জ’ন হিচাপে প্রশাসনে ঘোষণা কৰে৷ সমগ্র প্রক্রিয়াটোত বিধায়ক সত্যব্রত কলিতাৰ লগতে চক্র বিষয়া ড০ অংকিতা শর্মা, মহকুমা স্বাস্থ্য বিষয়া ডাঃ ডিম্বেশ্বৰ শর্মাসহ এটা স্বাস্থ্য বিভাগৰ দল উপস্থিত আছিল৷
বান্দৰদেৱাত কিশোৰৰ দেহত ক’ভিড–১৯
লখিমপুৰ জিলাৰ অসম–ৰুণাচল সীমাৰ বান্দৰদেৱা ২নং পার্বতীপুৰৰ এজন কিশোৰ দেওবাৰে ক’ভিড–১৯ পজিটিভ চিনাক্ত হোৱাত আতংকিত হৈ পৰিছে সীমান্তবাসী৷ জানিব পৰা মতে, যোৱা ৯ জুনৰ পুৱা বিহাৰৰ পৰা মাতৃ, ভাতৃ আৰু আক্রান্ত কিশোৰজন আহি বান্দৰদেৱাৰ নিজৰ ঘৰত আছিল৷ তেওঁলোকে কোনো নীতি–নিয়ম নমনাকৈ ঘৰত থকাৰ খবৰ পাই স্থানীয় আশাকর্মী আৰু আশা ছুপাৰভাইজাৰৰ সহযোগত স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে৷ কিন্তু এই লোকসকলে হোম কোৱাৰেণ্টাইনৰ নীতি নামনি বান্দৰদেৱাত হোটেল ব্যৱসায় আদি কৰি আছিল৷ আনহাতে চিকিৎসকে এই লোকসকলৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰাত আজি যুগল তেৱাৰীৰ পুত্র ৰাকেশ তেৱাৰীৰ (১২) ক’ভিড–১৯ পজিটিভ ওলায়৷ উল্লেখ্য যে যোৱা ৯ জুনত বিহাৰৰ পৰা মাতৃ মণ্টু তেৱাৰী, ভাতৃ ৰাম নিবাস তেৱাৰী আহিছিল আৰু যাত্রাৰ সময়ত ক’তো কোনোধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ আহি ঘৰত গোপনভাৱে আছিল৷ আজি কিশোৰটিৰ দেহত ক’ভিড–১৯ চিনাক্ত হোৱাত ঘৰৰ আন ছজনীয়া পৰিয়ালটোক প্রশাসনে বান্দৰদেৱাৰ এখন হোটেলত কোৱাৰেণ্টাইন কৰে৷ ইফালে কিশোৰজনক লখিমপুৰ বগীনদী (ক’ভিড’ চিকিৎসালয়) মডেল চিকিৎসালয়লৈ চিকিৎসকৰ দলে প্রেৰণ কৰিছে৷
পুৰণিগুদামত পুনৰ তিনিজন ক’ৰোনাত আক্রান্ত
নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্রৰ অন্তর্গত পুৰণিগুদাম চাৰিআলিস্থিত ‘বর্ষা বিবাহ ভৱন’ৰ কোৱাৰেণ্টাইন চেণ্টাৰত কালি পুনৰ তিনিজন ক’ৰোনা ভাইৰাছত আক্রান্ত হয়৷ ‘বর্ষা বিবাহ ভৱন’ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ তত্ত্বাৱধায়ক তথা চামগুৰি ৰাজহ চক্রৰ সংলগ্ণ চক্র বিষয়া অস্মিতা ৰেখা বৰাই জানিবলৈ দিয়া মতে, উক্ত আক্রান্ত লোককেইজন ক্রমে মঃ জাকাৰিয়া আলম, ৰছিদুল হক আৰু বিতুমণি শইকীয়া পুৰণিগুদাম চাৰিআলিস্থিত ‘বর্ষা বিবাহ ভৱন’ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল৷ কনুৱামাৰী নিৱাসী আব্দুল ৰহমানৰ পুত্র মঃ জাকাৰিয়া আলম (২৫) পশ্চিমবংগৰ পৰা আহি ‘বর্ষা বিবাহ ভৱন’ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল৷ আনহাতে, কলিয়াবৰ ৰাজহ চক্রৰ অন্তর্গত গৰৈমাৰী নিৱাসী নুৰুদ্দিন আহমেদৰ পুত্র ৰছিদুল হক (২২) কেৰালাৰ পৰা অহাৰ লগতে বঢ়মপুৰ সমষ্টিৰ অন্তর্গত টিলা বৰবাৰী নিৱাসী বনমালী শইকীয়াৰ পুত্র বিতুমণি শইকীয়া (২৮) কর্ণাটকৰ পৰা অহি ‘বর্ষা বিবাহ ভৱন’ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল৷ কালি তিনিওকে নগাঁৱৰ ভোগেশ্বৰী ফুকননী চিকিৎসালয়লৈ প্রেৰণ কৰা বুলি জানিব পৰা গৈছে৷ উক্ত কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা আজি সোতৰগৰাকী লোকক চৰকাৰী নিয়ম অনুসৰি হোম কোৱাৰেণ্টাইনলৈ প্রেৰণ কৰিছে যদিও ক্রমাগতভাৱে ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই অহাত ৰাইজৰ মাজত আতংক বিৰাজ কৰিছে৷ এনে সময়তে চামগুৰিৰ সাপ্তাহিক দেওবৰীয়া বজাৰখন দীর্ঘদিনৰ বিৰতিৰ পাছত আজি খুলি দিয়াৰ কথাই বিশেষ তাৎপর্য বহন কৰিছে৷ অৱশ্যে পূর্বৰ তুলনাত বজাৰখনত জনসমাগম যথেষ্ট কম যদিও সাম্প্রতিক সময়ত ইয়াৰ প্রয়োজনীয়তা লক্ষণীয় বুলি সচেতন মহলে মত ব্যক্ত কৰিছে৷
দক্ষিণ কামৰূপৰ আমতলাত যুৱকৰ দেহত ক’ৰোনা পজিটিভ
গুৱাহাটীৰ ফার্মাচী এখনত কাম কৰা পলাশবাৰী সমষ্টিৰ অন্তর্গত আমতলা গাঁৱৰ প্রশান্ত মেধিৰ দেহত আজি ধৰা পৰিছে ক’ৰোনা পজিটিভ৷ জানিব পৰা মতে, ৯ জুনত প্রশান্ত মেধিৰ জ্বৰ হোৱাত গোৱর্ধনস্থিত ছয়গাঁও প্রাথমিক স্বাস্থ্যকেন্দ্রলৈ চিকিৎসাৰ বাবে যায়৷ চিকিৎসকে লোকজনক পুনৰ ১০ জুনত চিকিৎসালয়লৈ মাতে৷ সেই অনুসৰি ছয়গাঁও প্রাথমিক স্বাস্থ্যকেন্দ্রলৈ যোৱাৰ পিছত চিকিৎসকজনে ছোৱাব সংগ্রহ কৰে৷ নমুনা সংগ্রহ কৰাৰ দিনাৰে পৰা চিকিৎসকৰ পৰামর্শ অনুসৰি যুৱকজন হোম কোৱাৰেণ্টাইনত আছিল৷ ফলাফলত আজি লোকজনৰ দেহত ধৰা পৰে ক’ৰোনা ভাইৰাছ৷ ইয়াৰ পিছতে উক্ত অঞ্চলত আতংকৰ সৃষ্টি হয়৷ উল্লেখ্য যে গুৱাহাটীৰ ফার্মাচীত কর্মৰত যুৱকজনে কর্তব্যৰ পৰা ঘৰলৈ সদায় অহা–যোৱা কৰিছিল আৰু যুৱকজনে ঘৰলৈ আহি উক্ত অঞ্চলৰ দোকান–পোহাৰলৈ অহা–যোৱা কৰিছিল৷ যাৰ পৰিপ্রেক্ষিতত আজি উক্ত অঞ্চলৰ বাসিন্দাসকল আতংকিত হৈছে৷ লোকজনৰ ক’ৰোনা পজিটিভ বুলি খবৰ অহাৰ লগে লগে চিকিৎসকৰ দল উপস্থিত হৈ জি এম চি এইচলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে, প্রশান্ত মেধিৰ ক’ৰোনা পজিটিভ ধৰা পৰাৰ লগে লগে প্রশাসনে উক্ত অঞ্চল কোণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে যুৱকজনৰ সংস্পর্শলৈ অহা লোকসকলৰ নমুনা স্বাস্থ্য বিভাগে সংগ্রহ কৰিব বুলি জানিব পৰা গৈছে৷