নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্রান্ত ৩২১

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ৰাজ্যত পুনৰ ৩২১জন লোক ক’ভিডত আক্রান্ত হৈছে৷ দেওবাৰে মুঠ আক্রান্তৰ সর্বাধিক ৮৪জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি যোৰহাটৰ ৩৩জন, দৰঙৰ ২৮জন আৰু নলবাৰীৰ ১৭জন লোক ক’ভিডত আক্রান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত মুঠ ৩৬,৭২৯টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৮৭ শতাংশ৷ ইফালে দেওবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ৩৭২জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা ৪,৯৯৯জন৷ দেওবাৰে ক’ভিডত মৃত্যু হৈছে ৬জন লোকৰ৷ ইয়াৰে তিনিজন যোৰহাট, এজন চৰাইদেউ, এজন কামৰূপ আৰু এজন কার্বি আংলং জিলাৰ৷

ইয়াৰ লগতে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৬৯৯জনলৈ বৃদ্ধি পালে৷ দেওবাৰে পর্যন্ত ৰাজ্যত ক’ভিড ভেকচিন প্রদান কৰা লোকৰ সংখ্যা হৈছে ১,৮৫,০৭,৫২০জন৷

You might also like