নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি সন্মান নিধি আঁচনিত দুৰ্নীতি

ছয়গাঁও, পলাশবাৰীৰ হিন্দু বসতি প্ৰধান গাঁৱত ভুৱা মুছলমান হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত

নিয়মীয়া বাৰ্তা, ১৯ মেঃ কামৰূপ জিলাৰ ছয়গাঁও উন্নয়ন খণ্ডৰ অধীনস্থ ছয়গাঁও কৃষি চক্ৰতো কৃষকৰ মাজত ধন বিতৰণক লৈ ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কৃষি চক্ৰটোৰ অধীনত প্ৰকাশ কৰা তালিকাত ৯৫ শতাংশ লোকেই কোনো খেতি নকৰা লোকৰ নাম সন্নিৱিষ্ট হৈছে ৷ ইয়াৰ উপৰি মুছলমান লোক নথকা গাঁৱতো বহুসংখ্যক মুছলমান লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷ জানিবপৰা মতে দগাঁও কটহী ৰাজহ গাঁৱৰ সম্পূৰ্ণ হিন্দু লোক থকাৰ পিচতো গাঁওখনৰ খেতিয়কৰ তালিকাত আধা অংশই মুছলমান লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷আনহাতে প্ৰকাশিত তালিকাত দুই চাৰিজন প্ৰকৃত কৃষকৰ বাহিৰে আটাইবোৰে কোনো খেতি নকৰা লোক ৷ ঠিক তেনেদৰে কৈমাৰী ৰাজহ গাঁৱতো ১৩১ জনীয়া তালিকাৰ ভিতৰত মাত্ৰ ৮ জন প্ৰকৃত খেতিয়কৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷ গাঁওখনত ১০ টা মুছলিম পৰিয়াল আছে যদিও পৰিয়ালকেইটাৰ এজনৰো উক্ত তালিকাত নাম নাই ৷ ইয়াৰ বিপৰীতে প্ৰায় ৮০ জন মুছলমান লোকৰ নাম অন্তৰ্ভুক্ত হৈছে ৷

বাকী আটাইবোৰ লোকেই কোনো এজন খেতিয়ক নহয় বা কাৰোৱেই খেতিৰ মাটি নাই ৷ ইফালে ছয়গাঁৱৰ ঢেকেনাবৰী ৰাজহ গাঁৱৰ যিখন তালিকা প্ৰস্তুত কৰা হৈছে উক্ত তালিকাখনত প্ৰকৃত খেতিয়কৰ নাম নাই ৷ তালিকাখনত প্ৰকাশিত বঙালী সম্প্ৰদায়ৰ শীল,সুত্ৰধৰ উপাধিৰ এজনৰো নিজৰ থকা ঘৰটোৰ বাহিৰে আন একঠাও মাটি নাই ৷ ইফালে বিহদিয়া ৰাজহ গাঁৱতো সেই একেই অৱস্থা ৷ প্ৰকৃত খেতিয়কে ধন লাভ কৰাৰ সলনি খেতি নকৰা লোকে ধন লাভ কৰিছে ৷ আনহাতে গাঁওখনত সোমাইছে কিছুমান ভুৱা মুছলমান হিতাধিকাৰীৰ নাম ৷ তাতোকৈ ডাঙৰ কথাটো হ’ল দক্ষিণ পান্টান গাঁও পঞ্চায়তত এলেকাত এটাও মুছলমান সম্প্ৰদায়ৰ নাম নথকাৰ পিচতো অঞ্চলটোৰ ৰাজহ গাঁও সমূহৰ নামত প্ৰস্তুত কৰা তালিকা সমূহত সোমাইছে শ শ ভুৱা মুছলমান হিতাধিকাৰীৰ নাম ৷ সমগ্ৰ ছয়গাঁও কৃষি চক্ৰটোৰ অধীনত কৃষকৰ নামত সাহায্য প্ৰদানৰ নামত হোৱা ব্যাপক দুৰ্নীতি তথা ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰি লাখ লাখ টকা আত্মসাৎ কৰা সংশ্লিষ্ট লোক সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে ইয়াৰে এক উচিত তদন্তৰ দাবীৰে কৈমাৰীৰ কৃষক সকলে সোমবাৰে ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

আনহাতে, কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সাপৰটাৰী গাঁও পঞ্চায়ত এলেকাৰ কেইবাখনো গাঁৱত প্ৰধানমন্ত্রী কৃষক নিধি আচনিৰ হিতাধিকাৰীৰ তালিকাত বিসংগতি প্ৰত্যক্ষ কৰিছে । এই পঞ্চায়তখনৰ চৰ অঞ্চলৰ বাহিৰে বাকী গাঁৱত ইছলামধৰ্মী লোক প্ৰায় নাই । কিন্তু তালিকাত প্ৰায় ইছলাম ধৰ্মী লোকৰ নাম সোমাইছে । হিন্দু বসতি প্ৰধান অঞ্চলত কি হিচাপত ইছলাম ধৰ্মী লোকৰ নাম সোমাল সেয়া এক ৰহস্য হৈ পৰিছে । সাপৰটাৰী গাঁও পঞ্চায়ত খনত প্ৰধানমন্ত্রী কৃষি সন্মান নিধিৰ তালিকাখনত স্বাভাৱিক দৃষ্টিতে এক বৃহৎ কেলেংকাৰী সংঘটিত হৈছে । এই কেলংকাৰীৰ তদন্ত কৰি অপৰাধীৰ বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা লবলৈ আবেদন জনাই নতুন সাপৰটাৰীৰ মন্টু মেধী, অপূৰ্ব কাকতি, জিতুমণি তালুকডাৰ আৰু দেৱ কুমাৰ মেধীয়ে পলাশবাৰী ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে । লগতে এই স্মাৰক পত্ৰৰ প্ৰতিলিপি কামৰূপ জিলাৰ উপায়ুক্ত আৰু কৃষি সম্পসাৰণ বিষয়াক পৃথকে পৃথকে প্ৰেৰণ কৰে ।

You might also like