বৃহস্পতিবাৰে পজিটিভ ৫৫৪, মৃত ৬ঃ ০.৬%লৈ হ্রাস আক্রান্তৰ হাৰ
নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ ৰাজ্যত ক্রমাৎ উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ হ্রাস পাইছে আক্রান্তৰ হাৰ৷ বৃহস্পতিবাৰে ৰাজ্যত ক’ভিড আক্রান্তৰ হাৰ ০.৬৬ শতাংশলৈ হ্রাস পাইছে৷ বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৫৫৪জন লোক৷ আক্রান্তসকলৰ ভিতৰত ১৫৭জন কামৰূপ মহানগৰ জিলাৰ৷
ইপিনে ক’ভিডে শুকুৰবাৰে প্রাণ ল’লে ৬জন লোকৰ৷ সুস্থতাৰ হাৰ হৈছে ৯৭.৮৯ শতাংশ৷ মুঠ ৮৪,২৪৬টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ উল্লেখ্য যে ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন ক্ষেত্রত শিথিলতা প্রদান কৰিছে ৰাজ্য চৰকাৰে৷ আন্তঃজিলা যাতায়াতৰ অনুমতি প্রদান কৰাৰ লগে লগে অহা ৬ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰো যো–জা চলাইছে চৰকাৰে৷ ইয়াৰ লগে লগে ৰাজ্যজুৰি অব্যাহত আছে ভেকচিন প্রদান প্রক্রিয়া৷ কালি পর্যন্ত ৰাজ্যত মুঠ ১,৭৬,৬২,৩০২জন লোকক প্রদান কৰা হৈছে ক’ভিড ভেকচিন৷ ইয়াৰে ১,৪৫,০৮,৪০২জন লোকে প্রথম পালি আৰু ৩১,৫৩,৯০০জন লোকে ক’ভিড ভেকচিনৰ দুয়োটা পালি লাভ কৰিছে৷
ক’ভিডৰ তৃতীয় জোৱাৰ আৰম্ভণি বিগত দুমাহৰ ভিতৰত যোৱা ২৪ ঘণ্টাত ক’ভিড–১৯ত আক্রান্ত সর্বাধিক
দেশত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ আৰম্ভণিৰ ইংগিত প্রত্যক্ষ কৰা হৈছে৷ বিগত দুমাহৰ ভিতৰত এদিনত সর্বাধিক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি ক’ভিড–১৯ত আক্রান্ত হৈছে ৪৭,০৯২জন, মৃত্যু ঘটিছে ৫০৯জনৰ৷ আক্রান্তৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যা তুলনামূলকভাৱে হ্রাস পাইছে৷ যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৩৫,১৮১জন৷ ইয়াকে লৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩,২০,২৮,৮২৫জন৷ সুস্থতাৰ হাৰ ৯৭.৫১ শতাংশ৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত সম্প্রতি সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৩,৮৯,৫৮৩জন৷ মৃতকৰ সংখ্যা ৪,৩৯,৫২৯৷ লক্ষণীয় যে দেশৰ ভিতৰত সর্বাধিক আক্রান্ত হৈছে কেৰালাত৷ ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে ৩২,৮০৪জন আৰু মৃত্যু ঘটিছে ১৭৩জনৰ৷ মন কৰিবলগীয়া যে কেৰালাত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ সম্ভাৱনা অতি প্রকট বুলি ইতিমধ্যে বিশেষজ্ঞসকলে সকীয়নি দিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত ক’ভিড–১৯ প্রট’কল কঠোৰভাৱে পালনৰ আহ্বান জনাইছে৷ কেন্দ্রীয় চৰকাৰে আসন্ন ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক ক’ভিড–১৯ নির্দেশনা পালনৰ বাবে জাননী জাৰি কৰিছে৷ তদুপৰি ক’ভিড–১৯ নির্দেশনা ৩১ ছেপ্টেম্বৰলৈকে সম্প্রসাৰণ কৰিছে৷