১ হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই; পুনৰ ৮৯ গৰাকী আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ২৯ মে’: ৰাজ্যত নতুনকৈ ৮৯ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৩০ গৰাকী কামৰূপৰ, ১৭ গৰাকী তিনিচুকীয়াৰ, ১৪ গৰাকী গুৱাহাটীৰ, ১৪ গৰাকী ধুবুৰীৰ, ১০ গৰাকী কাছাৰৰ আৰু ৪ গৰাকী ধেমাজিৰ ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১০২৪ জনলৈ বৃদ্ধি পায় ৷
লগতে ৰাজ্যত সম্প্ৰতি ৮৯২ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈ উঠিছে ১২৫ জন লোকে ।