ক’ভিড জয় কৰি হাস্পতালৰ পৰা উভতিল ১০০ বছৰীয়া আইতা
নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ আশংকা কৰাতকৈও অধিক ভয়াৱহ গতিৰে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্রমণ৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ (ক’ভিড–১৯) সংক্রমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই অতিক্রম কৰিলে পাঁচ শতাধিকৰ ঘৰ৷ ৰাজ্যত বুধবাৰে নতুনকৈ ক’ভিড–১৯ত মৃত্যুক সাবটি ল’লে ১৯গৰাকী লোকে৷ এই কথা এক টুইটযোগে সদৰী কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সেই অনুসৰি আজি মৃত্যু হোৱা লোককেইগৰাকী হৈছে ডিব্রুগড়ৰ দীনেশ চন্দ্র হাজৰিকা (৬৫), ধেমাজিৰ গোলকান্ত শর্মা (৬৬), শিৱসাগৰৰ জিয়াছ উদ্দিন আহমেদ (৬৩), বৰপেটাৰ সর্বেশ্বৰ কলিতা (৭০), কামৰূপ মহানগৰৰ চন্দ্রাণী দত্ত (৫০), ধুবুৰীৰ চফিকউদ্দিন আহমেদ (৬৫), ওদালগুৰিৰ নকুনল নাথ (৬০), কৰিমগঞ্জৰ অমৰেশ নাথ (৬০), কৰিমগঞ্জৰ অৰুণ কুমাৰ দেৱ (৭৫), কাছাৰৰ কৃষ্ণ অধিকাৰী (৭২), গোলাঘাটৰ অৰুণা দেৱী (৭৩), যোৰহাটৰ বিজু হাজৰিকা (৪০), গোলাঘাটৰ সাদৰী ভট্টাচার্য (৭৫), লখিমপুৰৰ ফইদুল আলী (১৭), কামৰূপ মহানগৰৰ হৰিপদ দাস (৭১), ডিব্রুগড়ৰ গুণকান্ত চাংমাই (৭৮), সোণাৰিৰ ললন সিং (৬০), কৰিমগঞ্জৰ কোৱামৰ উদ্দিন আহমেদ (৬২) আৰু শোণিতপুৰৰ ডালিমী দেৱী (৬২)৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫১১গৰাকীলৈ বৃদ্ধি পালে৷ ৰাজ্যত নতুনকৈ আক্রান্ত হৈছে ২,৩৯৪গৰাকী লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত সম্পন্ন কৰা হৈছে ৩২,৪৭৮টা নমুনাৰ পৰীক্ষা৷ আক্রান্তৰ হাৰ ৭.৩৭শতাংশ৷ আন এটা টুইটযোগে এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰত ৫৫৬গৰাকী, যোৰহাটত ১৬১গৰাকী, ডিব্রুগড়ত ১৮৪গৰাকী, গোলাঘাট ১৫৮গৰাকী লোক আক্রান্ত হৈছে৷ আনহাতে, আজি সুস্থ হৈ ঘৰলৈ উভতিছে ২৪৬৪গৰাকী লোক৷ আনহাতে ৰাজ্যত ক’ভিডমুক্ত হৈ চিকিৎসালয়ৰ পৰা ওভতা লোকৰ সংখ্যা ৮০ শতাংশ বুলি এক টুইটযোগে উল্লেখ কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্তুষ্টি প্রকাশ কৰে৷ উল্লেখ্য যে ৰাজ্যত মুঠ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা হৈছে ১,৪৮৯৬৯গৰাকী৷ সুস্থ হৈ ঘৰলৈ উভতিছে ১১,৯৩৬৪গৰাকী লোক৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে ২৯,০৯১গৰাকী লোক৷ ৰাজ্যত ক্রমাৎ ক’ৰোনাৰ সংক্রমণৰ বৃদ্ধিয়ে ৰাজ্যবাসীক আতংকিত কৰি ৰখাৰ সময়তে মাদাৰ বৃদ্ধাশ্রমৰ ১০০ বছৰীয়া আইতাই ক’ভিড জয় কৰি সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতি আহিছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে প্রকাশ কৰা অনুসৰি মহেন্দ্র মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ থকা মাই সন্দিকৈ নামৰ আইতাগৰাকী আজি সুস্থ হৈ হাতীগাঁওস্থিত মাদাৰ বৃদ্ধাশ্রমলৈ উভতি আহিছে৷