নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থিতিহীন কংগ্ৰেছৰ ভাৰত জোড়োক ধুবুৰীত ক্ষুৰধাৰ সমালোচনা মন্ত্ৰী ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ ‘‘কংগ্ৰেছৰ স্থিতি ক’ত আছে? কংগ্ৰেছৰ স্থিতি যদি আছে; ধুবুৰীত আছে, বৰপেটাত আছে। তাৰ বাহিৰে কংগ্ৰেছৰ স্থিতি নাই। গতিকে ধুবুৰীৰ পৰা আৰম্ভ কৰিবই লাগিব। তেওঁলোকে উজনি অসমৰ তিনিচুকীয়াৰ পৰা কৰিব নোৱাৰে। কিয়নো তিনিচুকীয়াৰ মানুহে, ডিব্ৰুগড়ৰ মানুহে কংগ্ৰেছক এৰিয়েই দিছে। গতিকে আৰম্ভ কৰিলে ইয়াৰ পৰা কৰিব লাগিবো; গতিকে ইয়াৰ পৰা আৰম্ভ কৰি শূণ্যৰ দিশে যাবলৈ লাগিব তেওঁলোকে।’’ এইদৰেই কাইলৈৰ পৰা জিলাখনৰ পৰা আৰম্ভ হ’বলগীয়া কংগ্ৰছৰ ‘‘ভাৰত জোড়ো’’ পদযাত্ৰাৰ আজি ধুবুৰীত ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। স্থানীয় সংবাদকৰ্মীৰ সন্মুখত তেওঁ আৰু কয় যে, এইটো অঞ্চলৰ ৰাইজে; ধুবুৰী, গোৱালপাৰা, বৰপেটা অঞ্চলৰ ৰাইজে আগন্তুক দিনত কংগ্ৰেছক বচাই ৰাখিব, নে এআইইউডিএফক বচাই ৰাখিব সেয়া সিদ্ধান্ত ল’ব। সংখ্যালঘু সমাজৰ সেইটো সিদ্ধান্ত। কিন্তু তেওঁলোক যদি ভাৱে নৰেন্দ্ৰ মোদীয়ে দুখীয়াৰ কল্যাণৰ বাবে নিৰলস ভাৱে কাম কৰিছে; দুখীয়াৰ কল্যাণৰ কথা কওঁতে মুছলমানৰ কল্যাণৰ বাবে কাম কৰিছে– সেই কথাখিনি যদি ভাৱে তেতিয়া হ’লে ধুবুৰী, গোৱালপাৰা, বৰপেটাৰ সংখ্যালঘু ৰাইজে  নৰেন্দ্ৰ মোদীৰ লগত থাকিব। এতিয়া সিদ্ধান্তটো তেওঁলোকৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like