নিয়মীয়া বাৰ্তা ২৬ জুন: ৰাজ্যখনত ক’ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সংক্ৰমণ ৰোধৰ অৰ্থে ৰাজ্য চৰকাৰৰ নিৰ্দেশাৱলীৰ ভিত্তিত দৰং জিলাতো শনি আৰু দেওবাৰে পৌৰসভা আৰু নগৰ সমিতি এলেকাত সকলো ধৰণৰ বজাৰ-সমাৰ বন্ধ ৰখাৰ উপৰি জনসাধাৰণে সম্পূৰ্ণ লকডাউন মানি চলিব লাগিব । এই অনুসৰি মঙলদৈ পৌৰসভা, খাৰুপেটীয়া পৌৰসভা আৰু ছিপাঝাৰ পৌৰসভা ২৭ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি শনি আৰু দেওবাৰে সম্পূৰ্ণ লকডাউন প্ৰযোজ্য হ’ব । আনহাতে ২৭ জুনৰ পৰা বলবৎ হোৱাকৈ সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ জিলাখনত সান্ধ্য আইন জাৰি কৰা হৈছে ।অৱশ্যে জৰুৰীকালীন সেৱাসমূহো ৰেহাই দিয়া হৈছে । তদুপৰি অধিক সংক্ৰমণ ৰোধৰ অৰ্থে জিলা প্ৰশাসনে আন এক নিৰ্দেশনা যোগে সমগ্র জিলা খনত সকলোধৰণৰ সাপ্তাহিক বজাৰ অনিদিষ্ট কাললৈ বন্ধৰ ঘোষণা কৰিছে । কোনো লোকে এই নিৰ্দেশনা অমান্য কৰিলে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই এই প্ৰসংগত জনাই যে কিছু সংখ্যক ব্যক্তিয়ে মাস্ক পৰিধান নকৰা তথা সামাজিক দূৰত্বকে ধৰি অন্য ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে জিলাখনত সামাজিক সংক্ৰমণ বাঢ়িব বুলি আশংকা কৰিয়েই অনিদিষ্ট কাললৈ সাপ্তাহিক বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ।