নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচি–এছপিৰে ভিডিঅ’ কনফাৰেঞ্চ মুখ্যমন্ত্রীৰ উপায়ুক্তক জিলা চিকিৎসালয় নিয়মীয়াকৈ পৰিদর্শন কৰাৰ নির্দেশ

নিয়মীয়া বাৰ্তা ১৭ মেঃ গভীৰ নিশা পর্যন্ত সংকটজনক ক’ভিড ৰোগীসকলক উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱাটো সুনিশ্চিত কৰাৰ স্বার্থত নিয়মীয়াকৈ জিলা চিকিৎসালয়সমূহ পৰিদর্শন কৰিবলৈ উপায়ুক্তসকলক নির্দেশ দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত ভিডিঅ’ কনফাৰেঞ্চযোগে অনুষ্ঠিত এক বৈঠকত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বিতং পর্যালোচনা কৰে৷ এই বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই আন কেতবোৰ গুৰুত্বপূর্ণ নির্দেশো দিয়ে৷ তেওঁ কয় যে চৰকাৰে ক’ভিডৰ বিৰুদ্ধে ভালদৰে যুঁজ দিয়াটো অসমৰ জনসাধাৰণে একান্তমনে কামনা কৰিছে৷ চৰকাৰৰ এয়া এক প্রাথমিক দায়িত্ব৷

এইক্ষেত্রত উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকসকলে জিলাসমূহত সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব৷ জিলাসমূহত ঘোষণা কৰা কনটেইনমেণ্ট জ’ন আৰু সান্ধ্য আইনৰ সময়ছোৱাত তেওঁলোকৰ অৱস্থিতি যাতে জনসাধাৰণে উপলব্ধি কৰিব পাৰে, সেইটো নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ যদি ক’ভিডৰ তৃতীয় জোৱাৰো আৰম্ভ হয়, তাৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে প্রস্তুত হৈ থাকিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷ টিকাকৰণ কার্যসূচী সুচাৰুৰূপে চলাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড০ শর্মাই প্রতিখন জিলাতে একোজন অতিৰিক্ত ডপায়ুক্তক টিকাকৰণ কেন্দ্রসমূহৰ নিৰীক্ষণৰ দায়িত্ব ন্যস্ত কৰিবলৈ আজিৰ বৈঠকতে নির্দেশ দিয়ে৷ সেইদৰে ক’ভিড টিকাকৰণ কেন্দ্রসমূহত যাতে সামাজিক ব্যৱধান তথা শৃংখলা অটুট থাকে তাৰ বাবে থানাৰ ভাৰপ্রাপ্ত বিষয়াসকলক প্রতিদিনে এই কেন্দ্রসমূহ পৰিদর্শনৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রীয়ে আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷

ক’ভিড সংক্রমণ প্রতিৰোধ কৰাৰ বাবে জিলাসমূহত বর্তমানে ঘোষণা কৰা কনটেহনমেণ্ট জ’নসমূহত ইতিমধ্যে জাৰি কৰা বাধা–নিষেধসমূহ কটকটীয়া কৰি তুলিবলৈ আৰক্ষী অধীক্ষকসকলক মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ ক’ভিডৰ দৰে জটিল পৰিস্থিতিৰ সময়ত জনসাধাৰণলৈ মানৱীয় দৃষ্টিভংগীৰে সর্বোৎকৃষ্ট সেৱা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্রতিখন জিলাতে ক’ভিডৰ বাবে দুর্যোগৰ সন্মুখীন হোৱা জনসাধাৰণলৈ সম্পূর্ণ উৎসর্গিত মনোভাবেৰে সেৱা আগবঢ়াবলৈ তেওঁ নির্দেশ দিয়ে৷ জিলাসমূহত ক’ভিডৰ লক্ষণ ধৰা পৰা ৰোগীসকলে ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি কৰা অথবা হোম আইছ’লেচনত থকাৰ বাবে আগ্রহ প্রকাশ কৰিলে তেওঁলোকৰ পৰিবহণ নিশ্চিত কৰাৰ ব্যৱস্থা কৰিবলৈও ড০ শর্মাই উপায়ুক্তসকলক নির্দেশ দিয়ে৷

ক’ভিড সংক্রমণ প্রতিৰোধৰ বাবে প্রয়োজন সাপেক্ষে আৰু অধিক মাইক্র’ কনটেইনমেণ্ট জ’ন ঘোষণাৰ পদক্ষেপ ল’বলৈও আজিৰ বৈঠকতে নির্দেশ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷ কনটেইনমেণ্ট জ’ন ঘোষণা কৰা অঞ্চলত বসবাস কৰা অথবা হোম আইছ’লেচনত থকা দুখীয়া লোকসকলে যাতে ২ হাজাৰ টকা মূল্যৰ অত্যাৱশ্যকীয় সামগ্রী লাভ কৰিব পাৰে, সেইটো সুনিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও জিলা উপায়ুক্তসকলক তেওঁ নির্দেশ দিয়ে৷

উল্লেখ্য যে ভিডি’ কনফাৰেঞ্চঙৰ জৰিয়তে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে অনুষ্ঠিত হোৱা এই বৈঠকখনত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা, স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্রধান সচিব অবিনাশ যোশী, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নীৰজ বার্মা, ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক লক্ষ্মণন এছকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like