ৰাজ্যত ক’ভিডত পুনৰ ৫জনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ অসমত ক’ভিড–১৯ৰ সংহাৰ এতিয়াও অব্যাহত আছে৷ কালিও ক’ভিডত আক্রান্ত ৫গৰাকী লোকে প্রাণ হেৰুৱায়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে প্রকাশ কৰা অনুসৰি ক’ভিডত আক্রান্ত কামৰূপ মহানগৰৰ বিভূতি চৌধুৰী (৭৮), অঞ্জলি দাস (৫৭), নগাঁৱৰ সুৰেন্দ্রনাথ বৰা (৭৮), গোলাঘাটৰ লক্ষী শইকীয়া (৬৮) আৰু মাজুলীৰ ধর্মেশ্বৰ বৰুৱাৰ (৬৭) মৃত্যু হয়৷
মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে, কালিৰ দিনটোত ৰাজ্যখনত ৭০১গৰাকী লোক নতুনকৈ ক’ভিডত আক্রান্ত হয়৷ ইয়াৰে ১৪৭গৰাকী কামৰূপ মহানগৰ জিলাৰ৷ কালিৰ দিনটোত ৪২,৪৫২গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷
দিনটোত আক্রান্তৰ হাৰ ১.৬৫ শতাংশ৷ আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত কালি ১,৬৬৪গৰাকীক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ মন কৰিবলগীয়া এয়ে যে বর্তমানলৈ ৰাজ্যখনত ক’ভিডত ২,০২,৭৭৪গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে এতিয়ালৈ ১,৭৫,০৭৫গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷
বর্তমান বিভিন্ন চিকিৎসালয়ত ২৫,৮০৭গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ এতিয়ালৈ ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ ৮৮৯গৰাকী লোকৰ মৃত্যু হৈছে৷ মন্ত্রী ড০ শর্মাই টুইটাৰত উল্লেখ কৰা অনুসৰি, বর্তমান ৰাজ্যখনত সুস্থতাৰ হাৰ ৮৬.৮৩ শতাংশ, সক্রিয় ৰোগীৰ হাৰ ১২.৭২ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৪৪ শতাংশ৷