নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাৰঘুলিৰ ভূমিস্খলনঃ লণ্ডনলৈ যোৱা নহ’ল প্রিয়ংকাৰ, অংশ লৈছিল গণৰাজ্য দিৱসৰ অনুষ্ঠানত

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ খাৰঘুলিত পাহাৰ খহি হোৱা ভয়াৱহ ভূমিস্খলনত কালি অকালতে মৃত্যুক সাবটি ল’বলগীয়া হৈছিল নৃত্যশিল্পী প্রিয়ংকা বড়োৱে (২১)৷ পুৱা শুই উঠি প্রিয়ংকাই ঘৰৰ চোতাল সাৰি আছিল৷ সেই সময়তে তেওঁলোকৰ ঘৰৰ ওপৰত থকা পাহাৰৰ মাটিসহ এডাল প্রকাণ্ড নাৰিকল গছ উভালি পৰি ছাত্রীগৰাকীক হেঁচা মাৰি ধৰে৷ লগে লগে সমগ্র অঞ্চলটোতে হুৱাদুৱা লাগে৷ পৰিয়ালৰ লোকে স্থানীয় বাসিন্দাৰ সহযোগত ছাত্রীগৰাকীক উদ্ধাৰৰ চেষ্টা চলায় যদিও ব্যর্থ হয়৷

কিছু সময়ৰ পাছত পাহাৰৰ মাটি খান্দি তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছিল ছাত্রীগৰাকীয়ে৷ ২০১৫ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হোৱা প্রিয়ংকাই সংগীত বিষয়ত ৰাজ্যৰ ভিতৰতে সর্বোচ্চ নম্বৰ লাভ কৰিছিল৷ বিহু, সত্রীয়া আৰু লোকনৃত্যত পার্গত মেধাৱী ছাত্রী প্রিয়ংকা সম্প্রতি গুৱাহাটী মহাবিদ্যালয়ৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্রী আছিল৷ প্রতিভাৱান নৃত্যশিল্পী প্রিয়ংকাই ২০১৮ চনত নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্রহণ কৰিছিল৷

তদুপৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণৰ সময়ত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানতো নৃত্যত অংশগ্রহণ কৰিছিল প্রিয়ংকাই৷ নৃত্যৰ জৰিয়তে প্রিয়ংকাই বহু বঁটা–বাহন লাভ কৰি জনপ্রিয়তা অর্জন কৰিছিল৷ নির্জু প্রকৃতিৰ প্রিয়ংকাই ঘৰতে নৃত্যৰ প্রশিক্ষণো প্রদান কৰিছিল৷ শেহতীয়াকৈ এক নৃত্যানুষ্ঠানত অংশগ্রহণ কৰাৰ বাবে প্রিয়ংকা লণ্ডনলৈ যোৱাৰ কথা আছিল৷ ইয়াৰ বাবে সকলো যাৱতীয় প্রস্তুতি প্রিয়ংকাই সম্পূর্ণ কৰিছিল৷

কিন্তু লকডাউনৰ বাবে তেওঁৰ লণ্ডন ভ্রমণ বাতিল হয়৷ প্রতিভাৱান নৃত্যশিল্পী প্রিয়ংকাৰ অকাল মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে বিভিন্ন দল–সংগঠনে৷ প্রিয়ংকাৰ অকাল মৃত্যুত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটে গভীৰ শোক প্রকাশ কৰিছে৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ সঞ্চালক আৰু এন এছ এছ কোষৰ সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে প্রিয়ংকাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ লগতে তেওঁ কয় যে প্রিয়ংকাৰ প্রতিভা আৰু দক্ষতাৰ বাবেই নতুন দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱসত শ্রেষ্ঠত্ব প্রদর্শন কৰি গুৱাহাটী বিশ্ববিদ্যালয় আৰু এন এছ এছ পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনিছিল৷

You might also like