নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী বৰহোলা সাংবাদিক সন্থাৰ

নিয়মীয়া বাৰ্তা, ১ জুনঃ মৰিয়নিৰ ঐতিহাসিক গাভৰু পৰ্বত চাহ বাগিছাত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাক বৰহোলা সাংবাদিক সন্থাই আজি এক বিবৃতিযোগে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে হত্যাকাণ্ডৰ লগত জড়িত সকলোকে শীঘ্ৰে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। সন্থাৰ সভাপতি মণ্টুচ্ কোঁৱৰ আৰু সম্পাদক অজয় শইকীয়াৰ দ্বাৰা স্বাক্ষৰিত বিবৃতিটোত কয় একাংশ বিকৃত মস্তিষ্কৰ লোকৰ উন্মাদনাৰ বলি হৈ নিৰিহ ব্যক্তি মৃত্যু হোৱা ঘটনা কিছুবছৰৰ পৰা সঘনে অসমত সংঘটিত হ’বলৈ ধৰিছে। এনেবোৰ ঘটনা সভ্য সমাজৰ বাবে অতি দুৰ্ভাগ্যজনক। দেৱাশিস গগৈৰ হত্যাকাৰী কোনো কাৰণতে যাতে সাৰি নায়ায় তাৰ বাবে যোৰহাট জিলা প্ৰশাসনে এক উচিত তদন্ত কৰি শীঘ্ৰে ফাষ্টট্ৰেক আদালতৰ যোগেদি সকলো দোষীক শাস্তিৰ ব্যৱস্থা কৰক। ইফালে ঘটনাটোত গুৰুত্বৰভাবে আহত হোৱা যুৱক আদিত্য দাসৰো সু-চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে সন্থাটোৱে।

You might also like