ডিচেম্বৰত সম্পূর্ণ হ’ব অভি–নীল হত্যাৰ বিচাৰ
নিয়মীয়া বাৰ্তা ১৮ জুনঃ দেশ কঁপোৱা অভি–নীল হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত হৈ সম্প্রতি নগাঁও কেন্দ্রীয় কাৰাগাৰত ন্যায়িক জিম্মাত থকা ৪৭জন অভিযুক্তৰ জামিন আবেদন পুনৰ নাকচ কৰিলে নগাঁও আদালতে৷ গোচৰটোৰ সাক্ষীৰ শুনানি প্রক্রিয়া চলি থকাৰ মাজতে কালি অভি–নীল হত্যাকাণ্ডৰ ৪৭গৰাকী অভিযুক্তৰ জামিন বিচাৰি নগাঁও আদালতত আবেদন কৰাৰ পিছত এক শুনানি গ্রহণ কৰা হয়৷ আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ বক্তব্য শুনে যদিও জামিন আবেদন ৰায়টো আজিলৈ স্থগিত ৰাখিছিল৷ বুধবাৰে নগাঁও জিলা আৰু সত্র ন্যায়াধীশৰ আদালতে অভিযুক্তকেইজনৰ জামিন আবেদন নাকচ কৰে৷ ইপিনে, আদালতে গোচৰটোৰ বিচাৰ প্রক্রিয়া অহা ডিচেম্বৰৰ ভিতৰত সম্পূর্ণ কৰাৰো আশ্বাস দিয়ে বুলি অভিজিৎ নাথৰ পিতৃ অজিত নাথে সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ আদালতৰ এই ৰায়দানত সন্তুষ্টি প্রকাশ কৰে নাথে৷ আদালতৰ এই ৰায়দানক আদৰণি জনাইছে নীলোৎপল দাসৰ পিতৃ গোপাল চন্দ্র দাসেও৷ স্মর্তব্য যে মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ পৰিপ্রেক্ষিতত ভার্চুৱেল ক’ট চলি থকাৰ বাবে কালি অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই ভি ডি অ’ কনফাৰেন্স যোগে আদালতত যুক্তি প্রদর্শন কৰাৰ বিপৰীতে গুচৰীয়া পক্ষৰ হৈ অধিবক্তা জে কামাৰ তেওঁৰ দুজন সহযোগীৰ সৈতে নগাঁৱৰ চৰকাৰী অধিবক্তা বিভা ফুকনৰ নেতৃত্বৰ অধিবক্তা দলে আদালতত যুক্তি প্রদর্শন কৰে৷ দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত আজিলৈকে জিলা আৰু সত্র ন্যায়াধীশয়ে জামিন আবেদন ৰায়দানৰ সিদ্ধান্ত লয়৷