নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতর্কিত ডিএফঅ’ ৰাজীৱ বৰুৱাক বশিষ্ঠ আৰক্ষীৰ জেৰা

নিয়মীয়া বাৰ্তা ১৮ জুনঃ অসমৰ ভিন্ন প্রান্তৰ লগতে মেঘালয়ৰ বর্ণিহাটৰ চোৰাং কাঠ সৰবৰাহৰ বাবে কাঠ মাফিয়াক অনুজ্ঞাপত্র দিয়াৰ গুৰুতৰ অভিযোগ থকা বিতর্কিত বন বিষয়া ৰাজীৱ বৰুৱাক বুধবাৰে এই সন্দর্ভত সোধা–পোছা কৰে বশিষ্ঠ আৰক্ষীয়ে৷ একাংশ অনুগত বন বিষয়া আৰু চোৰাং কাঠ মাফিয়াৰ সহযোগত মহানগৰীৰ ভিন্ন প্রান্তত অসম আৰু মেঘালয়ৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা কাঠেৰে বৃহৎ বজাৰ চলাই থাকিবলৈ সুবিধা কৰি দিয়া বুলি উত্থাপিত অভিযোগ সন্দর্ভত ৰুজু কৰা গোচৰত ডি এফ অ’ ৰাজীৱ বৰুৱাক বশিষ্ঠ আৰক্ষীয়ে সোধা–পোছা কৰে৷ বশিষ্ঠ আৰক্ষীয়ে জনোৱা মতে, কিছুদিন পূর্বে যোৰাবাটত কাঠভর্তি এখন ট্রাক জব্দ কৰাৰ লগতে চালক আৰু চোৰাং কাঠৰ গুদামৰ পৰিচালক এজনক গ্রেপ্তাৰ কৰি এই সন্দর্ভত বশিষ্ঠ থানাত ৭৭১/২০নং এটা গোচৰ ৰুজু কৰা হৈছিল৷ এই গোচৰত গ্রেপ্তাৰ কৰা চালক আৰু বিশেষকৈ চোৰাং কাঠৰ গুদামৰ পৰিচালকজনক সোধা–পোছা কৰাৰ পাছত বশিষ্ঠ আৰক্ষীয়ে অবৈধ প্রক্রিয়াৰে সৰবৰাহ কৰা কাঠেৰে মহানগৰীত চলি থকা কাঠৰ ৰমৰমীয়া বিশাল বজাৰখনৰ তথ্য লাভ কৰে৷ কালি এ চি এফ মৃগেন বৰুৱা আৰু গুৱাহাটী সদৰৰ ৰেঞ্জাৰ পংকজ কলিতাকো বশিষ্ঠ আৰক্ষীয়ে জেৰা কৰে৷ একেটা বিষয় সন্দর্ভত আজি মহানগৰীৰ চোৰাং কাঠৰ এই অবৈধ কাৰবাৰ চলাই থাবিলৈ সুবিধা কৰি দিয়া ঘটনাৰ মূল নায়ক গুৱাহাটী পূব বন সংমণ্ডলৰ ডি এফ অ’ ৰাজীৱ বৰুৱাক বশিষ্ঠ আৰক্ষীয়ে জেৰা কৰে৷ কেইবাঘণ্টা জেৰাৰ অন্তত বিতর্কিত বন বিষয়াজনক আৰক্ষীয়ে যাবলৈ দিয়ে৷ বশিষ্ঠ আৰক্ষীয়ে উক্ত গোচৰত প্রয়োজনত ডি এফ অ’ বৰুৱাক পুনৰ জেৰা কৰিব বুলি জানিব পৰা গৈছে৷ উক্ত গোচৰত নাৰেংগীৰ বীট অফিচাৰ আব্দুল ৰছিদকে ধৰি কেইবাজনো বন বিষয়াক জেৰা কৰিব বুলি বশিষ্ঠ আৰক্ষীয়ে জানিবলৈ দিয়ে৷
উল্লেখ্য যে ‘নিয়মীয়া বার্তা’ৰ যোৱা ৩০ মে’ সংখ্যাত ‘সৰু গাড়ীৰে নিতৌ গুৱাহাটীত সোমায় ৩০ লাখ টকাৰ চোৰাং কাঠ’ আৰু ৩১ মে’ৰ সংখ্যাত ‘ডি এফ অ’ৰ পৰা বীট অফিচাৰলৈ সকলোৰে জেপত চোৰাং কাঠৰ ধন’ শীর্ষ শিৰোনামৰে প্রকাশিত প্রতিবেদনত অসম আৰু মেঘালয়ৰ পৰা কিদৰে অবৈধ প্রক্রিয়াৰে বনজ আৰু খনিজ সম্পদৰ সৰবৰাহ তথা বিশাল ব্যৱসায় চলি আছে, সেই কথা বিস্তৃতভাৱে উদঙাই দিয়া হৈছিল৷ চোৰাং কাঠেৰে মহানগৰীত গঢ়ি উঠা বিশাল ব্যৱসায় সম্পর্কীয় উক্ত প্রতিবেদনৰ ভিত্তিত মুখ্যমন্ত্রীৰ নির্দেশমর্মে গুৱাহাটী আৰক্ষী আয়ুক্তই অনুসন্ধান আৰম্ভ কৰাৰ লগতে এই সন্দর্ভত মহানগৰ আৰক্ষীক সতর্ক কৰি দিছিল৷ ইয়াৰ পাছতে বশিষ্ঠ আৰক্ষীয়ে যোৰাবাটত কাঠভর্তি ট্রাক জব্দ কৰাৰ লগতে চালক আৰু চোৰাং কাঠৰ গুদামৰ পৰিচালকজনক গ্রেপ্তাৰ কৰিছিল৷ অসম আৰু মেঘালয়ৰ পৰা বৈধ নথি–পত্র নথকাকৈ একাংশ বন বিষয়াৰ সহযোগত চোৰাং কাঠ মাফিয়াই মহানগৰীত কিদৰে দৈনিক কেইবালাখ টকাৰ কাঠ সৰবৰাহ কৰে, সেয়া বশিষ্ঠ আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আনিব পাৰিব৷

You might also like