নিয়মীয়া বাৰ্তা, ২৬ জুনঃ সদ্যঘোষিত অসম শিক্ষা সংসদৰ- ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱা ধেমাজিৰ দুই মেধাৱীক্ৰমে শৰৎ শইকীয়া আৰু অংকিতা ভূঞাক সম্বৰ্ধনা জনালে সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই। আজি সন্থাৰ জিলা সভাপতি ৰঞ্জিত বৰুৱা আৰু সম্পাদক অজয় কুমাৰ চুতীয়াসহ প্ৰায় ১০-১৫ জনীয়া প্ৰতিনিধিৰ দল গৈ উচ্চতৰ মাধ্যমিকত পঞ্চম স্থান দখল কৰা ধেমাজিস্থিত পাব্লিক একাডেমীৰ ছাত্ৰ তথা মাছখোৱাৰ বৰপাক জীয়ামৰীয়া গাঁৱৰ শৰৎ শইকীয়াৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰয়াত উপেন শইকীয়া আৰু প্ৰয়াত মিনতি শইকীয়াৰ পুত্ৰ শৰতে অলেখ অভাৱৰ পিছতো নিজা অধ্যৱসায় আৰু ত্যাগৰ বাবে জিলিকি উঠা কৃষ্টিয়ে জাতিটোৰ প্ৰতি আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বুলি মতপোষণ কৰে সংগঠনটোৰ নেতৃত্বই। ইফালে কলা শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষত দশম স্থান দখল কৰি ধেমাজিলৈ গৌৰৱ কঢ়িয়াই অনা চিচিবৰগাঁৱৰ অংকিতা ভূঞাৰ গৃহত উপস্থিত হৈ কালি সংগঠনটোৱে সম্বৰ্ধনা জনায়।
প্ৰণিধানযোগ্য যে, চিচিবৰগাঁও চৌখামটিঙৰ লক্ষীনাথ ভূঞা আৰু নীৰুমাই ভূঞাৰ দুহিতা অংকিতা ভূঞাই ধেমাজিস্থিত কিৰণ একাডেমী কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত ৮৫, অসমীয়াত ৯৫, ৰাজনীতি বিজ্ঞানত ৯৩, শিক্ষাতত্ব বিভাগত ৯৫ আৰু ভূগোল বিষয়ত ৯৮ নম্বৰ লাভ কৰি সৰ্বমুঠ ৪৬৬ নম্বৰেৰে ৯৩.২ শতাংশ লাভ কৰি শীৰ্ষ দশম স্থান অধিকাৰ কৰিছে। ইফালে পঞ্চম স্থান দখল কৰা শৰতে ইংৰাজী বিষয়ত ৮৫, অসমীয়াত ৯৭, ৰাজনীতি বিজ্ঞানত ৯৯, ভূগোল বিষয়ত ৯৪ আৰু নৃতত্ব বিষয়ত ৯৪ নম্বৰ লাভ কৰি সৰ্বমুঠ ৪৭১ নম্বৰেৰে শীৰ্ষ পঞ্চম স্থান অধিকাৰ কৰিছে। সম্প্ৰতি বিশ্বজুৰি মাৰাত্মক ন’ভেল কৰ’না ভাইৰাছৰ বাবে অংকিতাৰ এই ফলাফলক লৈ অংকিতাই গৃহভূমি চিচিবৰগাঁৱত আনন্দৰ জোৱাৰ নাভাঙিলেও সৃষ্টি হৈছে মধুৰ আলোড়নৰ। এই মন্তব্য কৰে সন্থাৰ বিত্ত সম্পাদক সুশীল চুতীয়াই। তদুপৰি অংকিতাৰ সাফল্যই জিলাখনৰ কলা শিক্ষাত এক নতুন অধ্যায়ৰ সূচনা কৰি নতুন প্ৰজন্মৰ পথ প্ৰদৰ্শক হ’ব বুলি মতপোষণ কৰে চিচিবৰগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই। ভৱিষ্যতে ৰাজনীতি বিজ্ঞান বিভাগত অনাৰ্চ লৈ সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰখা শৰৎ- অংকিতাৰ কাংক্ষিত লক্ষ্যত উপনীত হওঁক এইয়া কামনা কৰি জিলাবাসীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।