৫ ফেব্ৰুৱাৰীত ৩৫ হাজাৰ শিক্ষক পদত প্ৰদান কৰা হ’ব নিযুক্তিঃ ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ আজি বিটিআৰত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত হোৱা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষক সমাজৰ বাবে ঘোষণা কৰে এক সুখবৰ।
মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে- ‘১৮ হাজাৰ প্ৰাদেশীকৃত শিক্ষকৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়া হ’ব। আৰু নতুনকৈ ১৫ হাজাৰ টেট শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। অৰ্থাৎ অহা ৫ তাৰিখে ৩৫ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নতুন জীৱন পাব।’
আনহাতে, বিটিআৰ অঞ্চলত অপ্ৰাদেশীকৃ স্কুল-কলেজ সম্পৰ্কেও মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয়- ‘প্ৰাদেশিকীৰণৰ নিয়মৰ অধীনত বিটিচি অঞ্চলৰ যিবোৰ স্কুল-কলেজ সোমোৱা নাই, খুব সোনকালে সেইবোৰ অঞ্চলৰ স্কুল-কলেজ প্ৰাদেশিকীকৰণৰ অধীনলৈ অনা হ’ব।’