প্রতিদিনে এহেজাৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰিব মাইক্র’বায়’লজী লেবৰেটৰীয়ে
নিয়মীয়া বার্তা, ২ জুনঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুনকৈ সংযোজিত হ’ল আন এক নতুন আন্তঃগাঁথনি৷ আজিৰ দিনটোতে সহযোগিতাৰ এক অদ্বিতীয় উদাহৰণেৰে গুৱাহাটীৰ বৰাগাঁৱত স্থাপন হ’ল এটা মাইক্র’বায়’লজী পৰীক্ষাগাৰ৷ ইনষ্টিটিউট অৱ এডভান্স ষ্টাডী ইন ছায়েন্স এণ্ড টেকন’লজী (আই এ এছ এছ টি) আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত নতুনকৈ স্থাপন হোৱা এই পৰীক্ষাগাৰটো স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুভ উদ্বোধন কৰে৷
নতুন পৰীক্ষাগাৰটো শুভ উদ্বোধন কৰি মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে আই এ এছ এছ টিৰ সহযোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে স্থাপন কৰা এই নতুন পৰীক্ষাগাৰটোত দৈনিক এহাজাৰ ক’ভিড–১৯ৰ নমুনা পৰীক্ষা কৰিব পৰা যাব৷ ইয়াৰ ফলত বিমান, বাছ, ৰে’ল আদিৰে গুৱাহাটীৰ সৰুসজাইলৈ অহা লোকসকলৰ ছোৱাব টেষ্ট এই পৰীক্ষাগাৰটোত সম্পন্ন কৰিব পৰা হ’ব৷ এই নতুন পৰীক্ষাগাৰটো হোৱাৰ ফলত ছোৱাব টেষ্টৰ ফলাফল কম সময়ত লাভ কৰাটো সম্ভৱ হৈ উঠিব৷
এসপ্তাহৰ পাছত সৰুসজাইৰ কোৱাৰেণ্টাইনলৈ অহা লোকসকলৰ ছোৱাব টেষ্টৰ ফলাফল ৪৮ ঘণ্টাৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত লাভ কৰিব পৰা যাব আৰু ৪ দিনৰ ভিতৰত তেওঁলোক ঘৰলৈ উভতিব পাৰিব৷ এসপ্তাহৰ ভিতৰত ৰাজ্যখনত ক’ভিড–১৯ পৰীক্ষা কৰাৰ বাবে লেবৰেটৰীৰ সংখ্যা ১১টালৈ বৃদ্ধি পাব বুলিও প্রকাশ কৰে৷