নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিশাসিত ৰাজ্যৰ শ্রেষ্ঠ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ ইণ্ডিয়া টুডে’ৰ ‘মুড অৱ দ্য নেচন প’ল’ শীর্ষক সমীক্ষাত দেশৰ ১০ শীর্ষ শ্রেষ্ঠ আৰু জনপ্রিয় মুখ্যমন্ত্রীৰ তালিকাত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেশৰ শীর্ষ শ্রেষ্ঠ ১০ মুখ্যমন্ত্রীৰ ভিতৰত বিজেপিশাসিত ৰাজ্যৰ দুগৰাকী মুখ্যমন্ত্রীৰ ভিতৰত ড০ হিমন্ত বিশ্ব শর্মাই ষষ্ঠ স্থান লাভ কৰাৰ বিপৰীতে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে সপ্তম স্থান লাভ কৰিছে৷ অর্থাৎ এই সমীক্ষাত দেশৰ বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্রীৰ শীর্ষস্থানত অসমৰ মুখ্যমন্ত্রী ড০ শর্মা৷ ৰাজনীতি, সমাজনীতি, অর্থনীতি আৰু বিভিন্ন বিষয়ক লৈ জনতাৰ মাজত চলোৱা সমীক্ষাত ১৭ আগষ্ট ২০২১ত ইণ্ডিয়া টুডে’ৰ মুড অৱ দ্য নেচন প’লত ২৯ শতাংশ হাৰেৰে ড০ শর্মাই ষষ্ঠ স্থান লাভ কৰে৷

বিজেপিৰ মুখ্যমন্ত্রীক চেৰ পেলাই তালিকাৰ শীর্ষস্থানত আছে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন, দ্বিতীয় স্থানত ওড়িশাৰ নবীন পাটনায়ক, তৃতীয় স্থানত কেৰালাৰ পিনাৰাই বিজয়ন, চতুর্থ স্থানত মহাৰাষ্ট্রৰ উদ্ধৱ থাকৰে আৰু পঞ্চম স্থানত আছে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী৷ অষ্টম স্থানত ৰাজস্থানৰ অশোক গেহলট আৰু নতুন দিল্লীৰ অৰবিন্দ কেজৰিৱাল, নৱম স্থানত ঝাৰখণ্ডৰ হেমন্ত ছ’ৰেন আৰু দশম স্থানত ছত্তিশগড়ৰ ভূপেশ বাঘেল৷ উল্লেখ্য যে এই সমীক্ষাত দেশৰ প্রধানমন্ত্রী হিচাপে জনতাই নৰেন্দ্র মোদীক বিচাৰে যদিও মোদীৰ জনপ্রিয়তা ৬৬ শতাংশৰ পৰা হ্রাস পাই ২৪ শতাংশ হৈছে৷ তাৎপর্যপূর্ণভাৱে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক প্রধানমন্ত্রী হিচাপে বিচৰা লোকৰ সংখ্যাৰ হাৰ ১১ শতাংশলৈ বৃদ্ধি পাইছে৷ অর্থাৎ দ্বিতীয় স্থানত আছে যোগী আদিত্যনাথ৷ তৃতীয় স্থানত ১০ শতাংশৰে কংগ্রেছৰ ৰাহুল গান্ধী৷

You might also like