কার্বি আংলঙত আৰক্ষীৰ গুলীত আহত ড্রাগ্ছ সৰবৰাহকাৰী
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ড্রাগ্ছৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ’বলৈ নির্দেশ দিয়াৰ পাছতে এটাৰ পাছত এটা এনকাউণ্টাৰৰ ঘটনা পোহৰলৈ আহিছে৷ লগতে উদ্ধাৰ হৈছে কোটি কোটি টকাৰ ড্রাগ্ছ৷বুধবাৰে কার্বি আংলং আৰক্ষীৰ চকুত ধূলি মাৰি পলায়নৰ চেষ্টা কৰা এটা ড্রাগ্ছ সৰবৰাহী আৰক্ষীৰ গুলীত আহত হৈছে৷ ড্রাগ্ছ সৰবৰাহকাৰীটো আফতাব হুছেইন বুলি চিনাক্ত কৰা হৈছে৷
জানিব পৰা মতে, সোমবাৰে সহযোগী ছাবিৰ হুছেইনৰ সৈতে ধনশিৰিত আটক হৈছিল আফতাব৷ ড্রাগ্ছৰ ঘাটি আৰু ব্যৱসায়ীৰ সন্ধানত চলোৱা অভিযানত দুয়োকে ডিমাপুৰলৈ নিছিল আৰক্ষীয়ে৷ সেইসময়তে উক্ত ঘটনা সংঘটিত হয়৷
উল্লেখ্য যে আফতাব আৰু ছাবিৰ নামৰ দুই ড্রাগ্ছ সৰবৰাহকাৰীয়ে সোমবাৰে এখন স্ক’ৰপিঅ’ বাহনৰ তেলৰ টেংকীত অতি গোপনে এক কোটি টকাৰ হেৰ’ইন আনি থকা অৱস্থাত আৰক্ষীয়ে দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷বাহনখনৰ নম্বৰ এএছ–০৭ ডি–০০০৭৷ডিমাপুৰৰ পৰা ধনশিৰি–ডিফুৰ মাজেৰে কৰিমগঞ্জলৈ ড্রাগ্ছখিনি সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল৷ কিন্তু বুধবাৰে আৰক্ষীয়ে দুই আটকাধীন অপৰাধীক তদন্তৰ বাবে ডিফুৰ পৰা ডিমাপুৰলৈ নিয়াৰ সময়তে আফতাবে প্রস্রাৱ কৰাৰ বাবে আৰক্ষীক গাডী ৰখাবলৈ অনুৰোধ কৰে আৰু পথত নামি আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাত আফতাবৰ ভৰিত আৰক্ষীয়ে গুলীয়াব বাধ্য হয়৷ আহত আফতাবক ডিফু মেডিকেল কলেজত চিকিৎসা প্রদান কৰা হৈছে৷