নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত ড্রাগছসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ তেজপুৰৰ কলিয়াভোমোৰা সেতুৰ সমীপত ৩৭ (ক) নং ৰাষ্ট্রীয় ঘাইপথত কালি বিয়লি দুজন কিশোৰক ড্রাগছসহ আটক কৰা ঘটনাৰ পিছতেই সন্ধিয়া আৰক্ষীৰ তালাচীত একেই স্থানতে দুজনকৈ যুৱকক যথেষ্ট পৰিমাণৰ নিষিদ্ধ ড্রাগছসহ গ্রেপ্তাৰ কৰা হয়৷ কালি বিয়লি দুজন ড্রাগছ আসক্ত কিশোৰৰ পৰা ড্রাগছ ডদ্ধাৰ হোৱাৰ পিছত শোণিতপুৰ আৰক্ষী অধিক সষ্টম হৈ পৰে৷ ধৃত কিশোৰ দুজনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কালি সন্ধিয়া কলিয়াভোমোৰা সেতুৰ ডত্তৰ পাৰত নাকা তালাচীৰ বাবে নিয়োজিত আৰক্ষীৰ দলে নগাঁও দিশৰ পৰা অহা এ এছ ১২ পি ২৪৭৬ নম্বৰৰ ইয়ন গাডীখনত তালাচী চলায়৷

উক্ত তালাচী কালত গাডীখনৰ পৰা ২২টাকৈ সৰু প্লাষ্টিক টেমা ভর্তি নিষিদ্ধ ড্রাগছ আৰক্ষীয়ে জব্দ কৰাৰ লগতে গাডীখনত অহা সৰবৰাহকাৰী সঞ্জু সোণাৰ (২২) আৰু ৰোহণ ৰাণা (২৪) নামৰ যুৱক দুজনক গ্রেপ্তাৰ কৰে৷ শোণিতপুৰৰ চাৰিদুৱাৰ নিৱাসী শ্বেৰ সিং সোণাৰৰ পুত্র সঞ্জু আৰু ৰাম ৰাণাৰ পুত্র ৰোহণ নিষিদ্ধ ড্রাগছ ব্যৱসায়ী চক্রৰ অন্যতম সদস্য৷ আৰক্ষীয়ে চলোৱা জেৰাৰ কালত ধৃত যুৱকদ্বয়ে তেজপুৰৰ এজন মধ্যস্থতাকীৰ জৰিয়তে নগাঁৱৰ পৰা উক্ত নিষিদ্ধ ড্রাগছখিনি বিক্রীৰ কাৰণে আনিছিল বুলি স্বীকাৰ কৰে৷ আৰক্ষীয়ে জব্দ কৰা নিষিদ্ধ ড্রাগছভর্তি প্রতিটো সৰু টেমাৰ মূল্য ক’লা বজাৰত ৪ হাজাৰৰ পৰা ৫ হাজাৰ টকা৷

You might also like