নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বেষ্ট অৱ ফৰ’ত সন্নিৱিষ্ট অসমৰ ব’ৰ্ডৰ অল্টাৰনেটিভ ইংলিছ বিষয়

দিল্লী বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ দিল্লী বিশ্ববিদ্যালয়ত অধ্যায়নৰ বাবে আগ্রহী অসমৰ ছাত্র–ছাত্রীসকলৰ বাবে অতি সুখবৰ৷ এতিয়াৰে পৰা অসমৰ ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ অধীনত অধ্যয়ন কৰা ছাত্র–ছাত্রীসকলে ‘অল্টাৰনেটিভ ইংলিছ’ক দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক শ্রেণীত নামভর্তিৰ সময়ত ‘বেষ্ট অফ ফৰ’ বিষয়ত সন্নিৱিষ্ট কৰিব পাৰিব৷ আজি বিশ্ববিদ্যালয়খনে এক অধিসূচনা জাৰি কৰি এই কথা ৰাজহুৱা কৰিছে৷ কেৱল অসমৰ ছাত্র–ছাত্রীসকলৰ কথা বিবেচনা কৰিয়েই দিল্লী বিশ্ববিদ্যালয় কর্তৃপক্ষই এই সিদ্ধান্তত উপনীত হৈছে৷ এইক্ষেত্রত দীর্ঘদিন ধৰি দিল্লীস্থিত সদৌ অসমীয়া ছাত্র সংস্থাই (আছা) বিশ্ববিদ্যালয় কর্তৃপক্ষৰ ওচৰত দাবী জনাই আহিছিল৷

আছাৰ এই দাবীক গুৰুত্ব প্রদান কৰি দিল্লী বিশ্ববিদ্যালয়ৰ নামভর্তি প্রক্রিয়াৰ সৈতে জড়িত হৈ থকা সহযোগী অধ্যাপক ড০ সঞ্জীৱ কুমাৰ বৈশ্যই সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে সমগ্র বিষয়টো যুক্তি সহকাৰে উত্থাপন কৰিছিল৷ দীর্ঘদিনীয়া যুঁজৰ অন্তত দিল্লী বিশ্ববিদ্যালয়ে গ্রহণ কৰা আজিৰ এই সিদ্ধান্তৰ বাবে ড০ বৈশ্যই কৃতজ্ঞতা প্রকাশ কৰে৷ দিল্লীস্থিত আছাম মিডিয়া চেণ্টাৰত এখন সংবাদ মেল সম্বোধন কৰি ড০ বৈশ্যই লগতে কয় যে দিল্লী বিশ্ববিদ্যালয়ৰ শেহতীয়া এই সিদ্ধান্তৰ পাছত অসমৰ ছাত্র–ছাত্রীসকল বিশেষভাৱে উপকৃত হ’ব৷

উল্লেখ্য যে ইয়াৰ পূর্বে ‘অল্টাৰনেটিভ ইংলিছ’ বিষয়টো ‘বেষ্ট অফ ফৰ’ত সন্নিৱিষ্ট কৰিবলৈ হ’লে ২.৫ শতাংশ নম্বৰ কর্তন কৰা হৈছিল৷ যাৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ কাট অফ মার্কছৰ তালিকাত অসমৰ ছাত্র–ছাত্রীসকল পিছপৰি থাকিছিল৷ আনহাতে সংবাদ মেলত উপস্থিত থকা দিল্লীস্থিত আছাৰ সভাপতি শুভ্রজ্যোতি দুৱৰা আৰু সাধাৰণ সম্পাদক মৃগেনজ্যোতি কাশ্যপেও দিল্লী বিশ্ববিদ্যালয়ে আছাৰ দীর্ঘদিনীয়া দাবীৰ প্রতি সঁহাৰি জনোৱাত উৎফুল্লিত হৈছে৷

You might also like