দুলীয়াজানৰ ‘বাইদেউ’ৰ সংগ এৰিছে আৰক্ষী বিষয়া–ৰাজনীতিকে
নিয়মীয়া বাৰ্তা,৩০ মেঃ এটাৰ পাছত আনটো ‘বাইদেউ’ৰ আখ্যান ‘নিয়মীয়া বার্তা’ কাকতত ফাদিল হোৱাৰ পাছতো ভিআইপি কয়লা ছিণ্ডিকেট সম্পর্কত ডিগবৈ বন সংমণ্ডলে এইক্ষেত্রত সম্পূর্ণ অজ্ঞতা প্রকাশ কৰাটোৱে ৰহস্যঘন কৰি তুলিছে৷ এইক্ষেত্রত ডিগবৈবন সংমণ্ডলৰ অধীনৰ জাগুন, লেখাপানী, মার্ঘেৰিটা আদিৰ ৰেঞ্জৰ অধীনস্থ ৰিজার্ভৰ কয়লাখনিৰ পৰা দৈনিকপাঁচশৰো অধিক অবৈধ কয়লা ড্রাক ৰেঞ্জৰ সন্মুখেদি ৰাষ্ট্রীয় ঘাইপথেদি বহিঃৰাজ্যলৈ দৌৰিছে৷ তাৰ লেখ কেনেকৈ ৰাখিছে ডিগবৈবন বিভাগে? প্রায় ছমাহ ধৰি অস্থায়ীভাৱে নিযুক্ত থকা ডিগবৈ বন সংমণ্ডল প্রাধিকাৰী তথা টাস্ক ফ’চ সমিতিৰো অধ্যক্ষ আতিকুৰ ৰহমানে মাথোঁ হাইৱে’ই পথত চলি থকা অবৈধ কয়লা ড্রাকসমূহৰ ওপৰত এনফ’চমেণ্ট আৰু প্রশাসনৰ নজৰ থাকিব লাগে বুলি কৈ নিজৰ কৰণীয় দায়িত্বৰ পৰা মূৰ পোলোকা দিয়াহে পৰিলক্ষিত হ’ল৷
উল্লেখ্য যে জাগুন ৰেঞ্জৰ অন্তর্গত নামফাই আৰু টিংকুপাণি সংৰক্ষিতবনাঞ্চল দুখন ইতিমধ্যে সম্পূর্ণৰূপে মৰুভূমিত পৰিণত৷ ইয়াৰ লুণ্ঠনৰ বিতং বাতৰি ইতিপূর্বে ‘নিয়মীয়া বার্তা’ কাকতত বিস্তাৰিতভাৱে প্রকাশ হৈছে৷ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ সমূহ ৰেঞ্জৰ লগতে আৰক্ষী–প্রশাসন আৰু ৰাজনৈতিক নেতা–পালিনেতাৰ সৈতে কয়লা ছিণ্ডিকেট মাফিয়াই গোপন বুজাবুজিৰে দীর্ঘদিনীয়া এই বৃহৎ কোটিটকীয়া কাৰবাৰটো চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ মাহেকত কয়লা মাফিয়াৰ পৰা প্রৱেশ মাচুলৰ নামত কোটি কোটি টকা নির্দিষ্ট এজেণ্টৰ যোগেদি সংগ্রহ কৰা হয়৷ এইক্ষেত্রত‘বাইদেৱে’ ৰাজনৈতিক পক্ষৰ আশিসপুষ্টত বীৰদর্পে চলাই গৈছিল ভিআইপি ছিণ্ডিকেটৰাজ৷
কয়লানগৰী মার্ঘেৰিটাৰ পার্শ্বৱত্ মাকুমকিল্লাৰ জনৈক ‘কোঁৱৰ’ উপাধিৰ এগৰাকী ৰাজনৈতিক প্রভাৱশালী আৰু বিতর্কিত ব্যক্তি বাইদেউৰ নেপথ্যত থাকি পূর্ণ সহযোগিতা কৰি অহাৰ বাবেই ছিণ্ডিকেটৰ লেকামডাল টনাৰ ক্ষেত্রত উজনিৰ এগৰাকী বিধায়কে খোদ অসহায়বোধ ব্যক্ত কৰিছে৷ ইফালে সুন্দৰী মাফিয়া বাইদেউৰ হাতত প্রতাৰিত স্বামীয়েও শেহতীয়াকৈ আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰতো বাইদেউ ওৰফে জেছমিনৰ কয়লা ছিণ্ডিকেটৰ সন্দর্ভত স্পষ্টকৈ প্রকাশ কৰিছে৷ উল্লেখনীয় যে ‘নিয়মীয়া বার্তা’ৰ প্রথমটো প্রতিবেদনত উচ্চপদস্থ আৰক্ষী বিষয়া আৰু প্রভাৱশালী ৰাজনৈতিক ক্ষেত্রৰ ব্যক্তিৰ নাম সাঙোৰ খাই পৰাত বাইদেউৰ সংগ ত্যাগ কৰিবলৈ আৰম্ভ কৰি দিছে৷ ইফালে, সংবাদ মাধ্যমতবাতৰি প্রকাশৰ পাছতো ৰহস্যজনকভাৱে মৌনব্রত ধাৰণ কৰিছে একাংশ প্রকৃতিপ্রেমীয়েও৷
যিসময়ত দিহিং পাটকাই বন্যপ্রাণী অভয়াৰণ্যৰ দহ কিঃমিঃ ব্যাসার্ধত থকা প্রস্তাৱিত সংৰক্ষিত বনাঞ্চল শালেকীত কেন্দ্রীয় চৰকাৰৰ অধীনস্থ পৰিৱেশ আৰু বন মন্ত্রালয়ে কয়লা খনন চলোৱাৰ অনুমোদনৰ বিৰুদ্ধে শীত–তাপ নিয়ন্ত্রিত কক্ষৰ পৰা হুংকাৰ দিছিল, একে সময়তে অবৈধ ‘ভি আই পি এণ্ড্রী’ ছিণ্ডিকেটৰ বিৰুদ্ধে তথ্যসহ সংবাদ মাধ্যমসমূহত বাতৰি প্রকাশৰ পাছতো আওকণীয়া হৈ প্রকৃতিপ্রেমীসকলে আওপকীয়াকৈ কয়লা মাফিয়াক সমর্থন কৰাহে বিভিন্ন মহলত গুণা–গঁথা চলিছে৷ এইক্ষেত্রত ৰাইজে কয়– ভি আই পিৰ কক্ষত বহি ডিঙিৰ সিৰ ফুলাই চিঞৰিলেই বনাঞ্চল সুৰক্ষিত নহয়৷ গ্রাউণ্ড জিৰ’ত আহি পর্যবেক্ষণ কৰক৷ এইক্ষেত্রত জৈৱ–বৈচিত্র্যক অক্ষুণ্ণ ৰাখিও শতিকাপুৰণি ৰাজহুৱা খণ্ডৰ কয়লা উদ্যোগটোক শক্তিশালী কৰাৰ পৰিৱর্তে একাংশ প্রকৃতিপ্রেমীয়ে ভাঙোনমুখিতা পদক্ষেপ গ্রহণ কৰাহে আওপকীয়াকৈ প্রকাশ ঘটিছে৷
ইতিপূর্বে ‘নিয়মীয়া বার্তা’ কাকতৰ দুটাকৈ প্রতিবেদনত আলোকচিত্রৰ সৈতে প্রকাশিত মহিলা কয়লা মাফিয়া শীর্ষক বাতৰিয়ে উজনিৰ দুলীয়াজানৰ লগতে সমগ্র ৰাজ্যতে তুমূল প্রতিক্রিয়া সৃষ্টি কৰিছে৷ দল–সংগঠন, বিভিন্ন পর্যায়ৰ ব্যক্তি, আনকি অসম আৰক্ষী আৰু ৰাজনৈতিক মহলৰ ভিতৰচ’ৰাতো ‘নিয়মীয়া বার্তা’ই উদঙাই দিয়া বিষয়টোক লৈ তীব্র উত্তেজনা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত প্রতিক্রিয়া আহিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ পৰা৷ ‘নিয়মীয়া বার্তা’ দুলীয়াজানৰ প্রতিবেদকৰ সৈতে টেলিফোনিক বার্তালাপত আৰক্ষীৰ শীর্ষ বিষয়াগৰাকীয়ে সমগ্র বিষয়টোৰ তদন্তৰ ভাৰ তিনিচুকীয়াৰ এছ পিৰ সমান্তৰালকৈ ডিব্রুগড এছ পিক ন্যস্ত কৰাৰ কথা জানিবলৈ দিছে৷
সদৌ অসম ছাত্র সন্থাৰ সাঃ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ‘নিয়মীয়া বার্তা’ক কয় যে সমগ্র ৰাজ্যতে চলি থকা অবৈধ কয়লা খনন আৰু সৰবৰাহ অতি সোনকালে চৰকাৰে বন্ধ কৰিব লাগে আৰু ইয়াৰ সৈতে জডিত চক্রটোক আৰক্ষীয়ে সমুলঞ্চে উৎখাত কৰিব লাগে৷ অবৈধ কয়লা খনন–সৰবৰাহৰ পৰা মোটা অংকৰ ধন বিভিন্ন ৰাজনৈতিক ব্যক্তি আৰু দলৰ নেতা আদিৰ জেপলৈ যোৱাৰ বিষয়ে সর্বসাধাৰণৰ মাজত চর্চিত হৈ আহিছে৷ এইক্ষেত্রত শূন্য সহনশীলতা নীতি পোষণ কৰা সোণোৱাল চৰকাৰে যোৱা চাৰিবছৰে এই ছিণ্ডিকেট চক্রটোক উৎখাত কৰি অবৈধ কয়লা খনন বন্ধ কৰিবলৈ সক্ষম হোৱা নাই৷ গতিকে এবছৰৰ ভিতৰত ইয়াক নাকী লগাই দেখাওক চৰকাৰে৷ সদৌ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাঃ সম্পাদক পলাশ চাংমায়ে কয়– কয়লাৰ অবৈধ ব্যৱসায় চলি থকাৰ ফলত একাংশ ৰাজনৈতিক নেতা, আমোলা, পালিনেতাৰ জেপহে গধুৰ হৈছে৷ ইয়াৰ পৰা কিন্তু চৰকাৰে কৰ হেৰুৱাব লগা হৈছে৷
যদিহে মুখ্যমন্ত্রীক আদি কৰি উচ্চপর্যায়ৰ কোনো ৰাজনৈতিক নেতা এই ছিণ্ডিকেটত জডিত নাই, তেন্তে অনতিপলমে এই ক’লা ব্যৱসায় বন্ধ কৰিব লাগে৷ অন্যথা আমি ভাবিবলৈ বাধ্য হ’ম এই ছিণ্ডিকেটত উচ্চপর্যায়ৰ ৰাজনৈতিক নেতা জডিত আছে৷ কয়লাৰ অবৈধ ব্যৱসায় বন্ধ হওক৷ নীতিগতভাৱে হওক যাতে চৰকাৰে কৰ লাভ কৰে৷ বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই কয়–আৰক্ষীৰ তদন্তৰ আওতালৈ আনিব লাগে বাইদেউক৷ লগতে ছিণ্ডিকেট চক্রটোৰ লগত জডিত প্রভাৱশালী ব্যক্তি, ৰাজনৈতিক নেতা পালিনেতা, আলোচনাপন্থী নেতা আদি অভিযুক্ত সকলোকে গণতান্ত্রিক প্রক্রিয়াৰে আইনীৰ মেৰপেঁচলৈ আনিব লাগে৷ দিহিং পাটকাইত গণতান্ত্রিক প্রতিবাদ কৰিবলৈ যাওঁতে লাচিত সেনাৰ ১৩জনকৈ সদস্যক গ্রেপ্তাৰ কৰিছে৷ গতিকে বনাঞ্চল ধবংস কৰি অবৈধ কয়লা খনন সৰবৰাহ চলি থাকিলে আমি হাত সাবটি বহি নাথাকিম৷