নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত ভ্ৰমণ বৃত্তান্ত নথকা আন এজনৰ শৰীৰত ক’ভিড পজিটিভঃ ক’ভিড পজিটিভ কেৰেলাৰ যুৱকৰ নাই কোনো শুংসূত্ৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ স্বাস্থ্য বিভাগে দুলীয়াজানত গণ সংক্ৰমণৰ আশংকা কৰা অনুসৰি চহৰখনত পুনৰ আন এজন ব‍্যক্তিৰ দেহত আজি ক’ভিড পজিটিভ চিনাক্ত কৰা হৈছে । কোনো ভ্ৰমণ বৃত্তান্ত নথকা জয়ানগৰৰ নিবাসী দিগন্ত দাস (৪০) নামৰ ব‍্যক্তি গৰাকীৰ ক’ভিড আক্ৰান্ত ঘটনাই চিন্তনীয় হৈ উঠিছে ।

বৰ্তমান দিলীপ দাসৰ গৃহ প্ৰশাসনে কন্টেইন্টমেন্ট জ’ন ঘোষণা কৰাৰ লগতে অসম মেডিকেল কলেজ হাস্পতাললৈ ক’ভিড ৰোগীজনক স্হানান্তৰ কৰে ।

ইফালে কালি ক’ভিড পজিটিভ চিনাক্ত হোৱা কেৰেলাৰ যুৱক টি পি স্বৰূপ (২৫) ৰ সৈতে আজি পৰ্যন্ত সম্পৰ্ক কৰিব পৰা নাই স্বাস্হ‍্য বিভাগে । উক্ত যুৱকজনে যোৱা ১৩ জুলাইত ডিব্ৰুগড় বিমানবন্দৰত দুলীয়াজান বকুলনীস্হিত নিপকো গেষ্ট হাউছৰ ঠিকনা দি আহিছিল ।

সেই অনুসৰি স্বাস্হ‍্য বিভাগে নিপকোৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত বিভাগীয় কৰ্তৃপক্ষই উক্ত যুৱকজন গেষ্ট হাউছত নথকা বিষয়টো স্পষ্ট কৰিছে । আনহাতে যুৱকজনে ঠিকনাত প্ৰদান কৰা ম’বাইল নম্বৰৰতো বৰ্তমানলৈ যোগাযোগ কৰিব নোৱাৰাত পজিটিভ যুৱকজনৰ সন্ধানত নিৰূপায় হৈ পৰিছে বিভাগীয় স্বাস্থ্য কৰ্মী ।

You might also like