নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য আৰু আৰক্ষী বিভাগৰ সাহস আৰু মনোবল বৃদ্ধিৰ প্ৰয়াস পূব-কামৰূপ ছাত্ৰ সন্থাৰ

নিয়মীয়া বাৰ্তা ২০ মেঃ সদৌ অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলাৰ পূব-কামৰূপ ছাত্ৰ সন্থাৰ   তৰফৰ পৰা ক’ৰোনা ভাইৰাছে সমগ্ৰ অসমত সৃষ্টি কৰা সংকটৰ সময়ত প্ৰতিকূল পৰিস্থিতিত মানৱ সেৱাত ব্ৰতী হৈ থকা  চিকিৎসক,চিকিৎসাকৰ্মী তথা আৰক্ষী সকলৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু সাহস মনোবল বৃদ্ধিৰ প্ৰয়াসৰ মানসৰে মঙলবাৰে অঞ্চলটোৰ বিভিন্নজনক গামোছাৰে ওলগ জনায় ।  সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত পূব-কামৰূপ ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে সন্থাৰ এলেকাধীন বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰ, বিহদিয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু কমলপুৰ চিকিৎসালয় তথা থানালৈ  গৈ চিকিৎসক, চিকিৎসাকৰ্মী আৰু আৰক্ষীক গামোছাৰে ওলগ জনাই তেওঁলোকৰ কৰ্মৰ শলাগ লৈ এই ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায় ।

 ছাত্ৰ সংগঠনটোৰ পৰা বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডা: ছবিন চন্দ্ৰ দাস,ড০ চন্দ্ৰশিৱ দাস, ড০ সমৰজিৎ শইকীয়া, ড০ জুৰি দাস, ড০ পাৰ্থ দাস, ড০ গায়ত্ৰী ৰাজকোঁৱৰ, ড০ ধ্ৰুপদী ডেকা, স্বাস্থ্য কৰ্মী মৃগেন ডেকা, কমলপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ড০ ডিম্বেশ্বৰ শৰ্মা, বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ড০ আবু মহম্মদ মোস্তাফা কামাল, ড০ ৰুণু বৰবৰা, বি.পি.এম.কমলা ভাগৱতী আৰু হালধা প্ৰাথমিক ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ তত্বাবধায়ক ড০ ধ্ৰুৱজ্যোতি কলিতা, বাইহাটা চাৰিআলি আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক মৃদুল বৰা   বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকা, উপ পৰিদৰ্শকদ্বয় মহেশ্বৰ শৰ্মা আৰু জীৱন চৰকাৰক ওলগ আৰু শুভেচ্ছা জনায় । ইয়াৰ বিপৰীতে চিকিৎসক কামাল আৰু বি পি এম ভাগৱতীয়ে এই কাৰ্যই তেওঁলোকৰ মনোবল বৃদ্ধি আৰু আপ্লুত কৰাৰ কথা ব্যক্ত কৰি সংগঠনটোৰ শলাগ লয় ।পূব-কামৰূপ  ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ কুমাৰ ডেকা, সাধাৰণ সম্পাদক মৃণাল ডেকা, উপ সভাপতি ভীষ্ম প্ৰতিম ডেকা, শিক্ষা সম্পাদক চিৰঞ্জীব নাথৰ নেতৃত্বত এটি সজাতি দলে চিকিৎসক,আৰক্ষীৰ লোকক সাহস বৃদ্ধিৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰে ।

You might also like