গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নগাঁও টাউন আঞ্চলিক সমিতিৰ উদ্যোগত সমূহীয়া ইফতাৰ সম্পন্ন
বিশেষ বাৰ্তা, ২৯ এপ্ৰিলঃ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নগাঁও টাউন আঞ্চলিক সমিতিৰ উদ্যোগত আজি সন্ধিয়া এক সমূহীয়া ইফতাৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নগাঁও জিলা সাহিত্য সভা ভৱনত নগাঁও টাউই আঞ্চলিক পৰিষদৰ উদ্যোগত আয়োজিত এই সমূহীয়া ইফতাৰ অনুষ্ঠানিত সভাপতিত্ব কৰে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নগাঁও টাউন আঞ্চলিকৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া মকিবুৰ ৰহমানে ৷ এই ইফতাৰ অনুষ্ঠানটিত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰান বৰুৱা,উপদেষ্টা ৰতীমোহন নাথ,উপ-সভাপতি ঠগীত চন্দ্ৰ মহন্ত,নগাঁও পৌৰ সভাৰ ৯ নং মহলাৰ আয়ুক্ত অৰূপ বৰদলৈ,সমাজকৰ্মী গৌতম ভট্টাচাৰ্য,নগাঁও প্ৰেছ ক্লাৱৰ উপদেষ্টা কনক হাজৰিকা, জ্যেষ্ঠ সাংবাদিক তথা পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা ফাইজুৰ ৰহমান পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক জাহিদুৰ ৰহমান, পৰিষদৰ ৰাজ্যিক উপসভাপতি অধিবক্তা ইমৰান হুছেইন,বিশিষ্ট অনাতাঁৰ শিল্পী আৰিফুল হক প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকে৷ প্ৰতিবছৰে পৰিষদৰ উদ্যোগত আয়োজিত এই ইফতাৰ অনুষ্ঠানটিৰ উদেশ্য ব্যাখ্যা কৰে পৰিষদৰ টাউন আঞ্চলিকৰ কাৰ্যকৰী সভাপতি তথা অধ্যাপক ৰেকিবুদ্দিন হাজৰিকাই ৷ অনুষ্ঠানৰ আদৰণি তথা আতঁধৰে পৰিষদৰ টাউন আঞ্চলিকৰ সাধাৰণ সম্পাদক ফাইজুল ইছলাম আৰু ফৰিদ মনচুৰে ৷ ইফাতৰ অনুষ্ঠানত উপস্থিত থকা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰান বৰুৱাৰ লগতে প্ৰতিজন ব্যক্তিয়ে ঐক্য শান্তি সম্প্ৰতি আৰু ভাতৃত্ববোধৰ ওপৰত নিজৰ বক্তব্য ৰাখে ৷ অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ গণ্যমান্য ব্যক্তি সকলৰ উপস্থিতিত এই অনুষ্ঠানটি সুন্দৰ ৰূপত সম্পন্ন হয় ৷
প্ৰেৰক কনক হাজৰিকা