গোলকগঞ্জত গংগাধৰ নৈৰ খহনীয়াত সৰ্বসান্ত শ -শ পৰিয়াল
নিয়মীয়া বাৰ্তা, আগমণি, ২৫ মাৰ্চঃ ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ মাজেৰে বৈ যোৱা গংগাধৰ নৈয়ে সৃষ্টি কৰা খহনীয়াত সহস্ৰাধিক পৰিয়ালে সৰ্বস্বান্তই নহয় আজিও উজাগৰী নিশা যাপন কৰিব লগা হৈছে। অৱশ্যে খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে কোটি কোটি টকাৰ অবন্টন দিছিল যদিও বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰসকলে কাম নকৰি আৱন্টিত ধন সৰকাইছে বুলি অভিযোগ উত্থাপিত হৈছে। ফলত সোণৰ কণী পৰা হাঁহত পৰিণত হোৱা গংগাধৰ নৈৰ খহনীয়াই নৈপৰীয়া ৰাইজৰ জীৱন দুৰ্বিষহ কৰি পেলাইছে। উল্লেখ্য যে বেলগুৰি, মৈচা প্ৰথম খণ্ড, মাৰাগদাধৰ, উত্তৰ মাৰাগদাধৰ, লোৱাজানি আদি নৈপৰীয়া গাওঁসমূহত বাৰিষাতো দূৰৰ কথা, খৰালি কালতো গংগাধৰ নৈয়ে গৰাখহনীয়া সৃষ্টি কৰি গৃহ, ভূমি খহাই নিয়াৰ উপৰিও শ-শ বিঘা কৃষি ভূমি খহাইছে।
ফলত ভেটি উছন হোৱা একাংশ গাওঁবাসীয়ে আত্মীয়ৰ ঘৰত, আন একাংশই ১৭ নং ঘাইপথৰ দাঁতিত আৰু ৰেলপথৰ দাঁতিত অস্থায়ীভাৱে কোনো মতে বাস কৰি আছে। ইপিনে, নৈ খনত কৃষি ভূমি জাহ যোৱা খেতিয়কসকলে দিন হাজিৰা কৰি কোনো মতে নিজৰ পৰিয়ালক পোহপাল দি আছে। আনহাতে, বেলগুৰি আৰু মৈচা গাওঁত এনেদৰে খৰালি আৰু বাৰিষাত নৈ খনে গৰাখহনীয়া সৃষ্টি কৰি থাকিলে হয়তো চলিত বছৰতে মাত্ৰ ১০০মিটাৰ দূৰত্বত থকা ১৭ নং ঘাইপথতো মানচিত্ৰৰ পৰা নোহোৱা হ’ব। ফলত বাহিৰাজ্যৰ লগত ধুবুৰী জিলাৰ বা অসমৰ স্থালপথৰ সংযোগ বিচ্ছিন্ন হ’ব। সেয়েহে নৈ খনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰি গৃহহীন লোকসকলক পুনৰ সংস্থাপন দিবলৈ চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালসকলে।