নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপৰ বিলত ওপঙি উঠিছে মৃত থলুৱা আলংকাৰিক মাছ, পক্ষীকুললৈ ভাবুকি

ভয়াৱহ প্রদূষণৰ কবলত মহানগৰীৰ পক্ষী অভয়াৰণ্য

নিয়মীয়া বার্তা,৭ আগষ্টঃ ৰামছাৰ ছাইটখ্যাত দীপৰ বিল ভয়াৱহ প্রদূষণৰ কবলত পৰিছে৷ গুৱাহাটী মহানগৰীৰ পাৰিপার্শ্বিক ভাৰসাম্য ৰক্ষাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা দীপৰ বিলৰ পানী প্রদূষণ হৈ ক’লা হৈ পৰিছে৷ প্রদূষণৰ ফলত দীপৰ বিলৰ পৰা ওলোৱা উৎকট দুর্গন্ধই অঞ্চলটোত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷

ফলত বিগত তিনি দিন ধৰি দীপৰ বিলত বিভিন্ন প্রজাতিৰ মাছ মৰি ওপঙি উঠা পৰিলক্ষিত হৈছে৷ মাছমৰীয়াসকলে দীপৰ বিলত মাছ ধৰিবলৈ গৈ খজুৱতিকে ধৰি বিভিন্ন ৰোগত আক্রান্ত হৈছে৷ স্থানীয় ৰাইজে দীপৰ বিলৰ সমীপৰ ডাম্পিং গ্রাউণ্ডৰ পেলনীয়া সামগ্রীৰ পৰাই বিলখন প্রদূষিত হোৱা বুলি অভিযোগ কৰিছে৷

ইয়াৰ উপৰি মহানগৰীৰ ভৰলু আৰু বাহিনী নৈৰ পৰা ওলাই যোৱা পানী দীপৰ বিলত পৰাৰ ফলতে দীপৰ বিলৰ পানী ব্যাপক হাৰত প্রদূষিত হোৱা বুলিও স্থানীয় ৰাইজে সন্দেহ প্রকাশ কৰিছে৷ শেহতীয়াকৈ দীপৰ বিলত মৰা মাছ ওপঙি থকা প্রত্যক্ষ কৰি দীপৰ পাছপাৰ সমবায় সমিতিৰ সভাপতি পূর্ণৰাম দাস আৰু সম্পাদক প্রদীপ কুমাৰ দাসে চৰকাৰক এই বিষয়ে অৱগত কৰা বুলি জানিবলৈ দিছে৷

পূর্বতেও দীপৰ বিলক প্রদূষণমুক্ত কৰিবলৈ পাছপাৰ সমবায় সমিতিয়ে বহুবাৰ আবেদন–নিবেদন কৰিছিল৷ কিন্তু দীপৰ বিলক প্রদূষণমুক্ত কৰাৰ বাবে চৰকাৰ তথা প্রশাসনে কোনো গুৰুত্ব প্রদান নকৰিলে৷ শেহতীয়াকৈ দীপৰ বিলৰ প্রদূষিত পানীয়ে জলজ জীৱকুললৈ ভয়াৱহ বিপদ মাতি অনাৰ লগতে পক্ষীকুললৈ ভাবুকি কঢ়িয়াই আনিছে৷ সেয়েহে এইক্ষেত্রত চৰকাৰক শীঘ্রে ব্যৱস্থা গ্রহণ কৰি দীপৰ বিলত থকা বিভিন্ন ঔষধি উদ্ভিদ, আলংকাৰিক মাছৰ লগতে জলজ জীৱকুলক ৰক্ষা কৰিবলৈ পাছপাৰ সমবায় সমিতিয়ে আহ্বান জনাইছে৷

উল্লেখ্য যে পূর্বতেও দীপৰ বিলত এনেদৰে মাছ মৰি ওপঙি উঠাৰ লগতে ২০১৭ চনত ২২টা আৰু ২০১৮ চনত বিলুপ্তপ্রায় হাৰগিলা মৃত অৱস্থাত উদ্ধাৰ হৈছিল৷

You might also like