নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ধেমাজি জিলাৰ জোনাই মহকুমাত কেউপিনে বানৰ তাণ্ডৱ| নিশাৰ পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত জোনাইত চিয়াং নদীৰ জলপৃষ্ঠ অধিক বৃদ্ধি পোৱাত নিশাটোৰ ভিতৰতে জলমগ্ন হৈ পৰিছে ন ন অঞ্চল৷ চিয়াং নদীৰ বানত বেৰাচাপৰি অঞ্চলৰ প্ৰায় ২৫-৩০ খন গাঁৱৰ শ শ পৰায়ালৰ ঘৰ-বাৰী, শস্য পথাৰ সমস্ত বুৰ যোৱাৰ লগতে বগীনদী, অকলেণ্ড, বাহিৰ জোনাই আদিৰ কেবাঠাইতো গড়কাপ্টানী পথৰ ওপৰেদি পানী বাগৰি যোৱাত যান-বাহনৰ কথাতো বাদেই বিচ্ছিন্ন হৈ পৰিছে মানুহৰ যাতায়তো|
ইফালে জোনাই গিনে মাহমৰাত জোনাই নদীৰ বানে ছিঙিলে মথাউৰি | বুৰ গৈছে বৃহত্তৰ মাহমৰা অঞ্চলৰ শ শ বিঘা ৰোৱা ধান| কেইবাঠাইতো পথৰ ওপৰেদি পানী বাগৰি বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ| নিশাৰ পৰা দি থকা ধাৰাসাৰ বৰষুণে মঙলবাৰে ফেনে-ফোটোকাৰে বাঢ়ি আহি ছিঙি পেলায় মহমৰাত থকা মথাউৰি| ছিঙা অংশৰে পানী সোমাই সম্পূৰ্ণ পানীৰ তলত বুৰ যায় ১নং মহমৰা, কপলং মহমৰাৰ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী, স্কুল আদি ৷ বুৰ যায় শ শ বিঘা পথাৰৰ ৰোৱা ধান ৷
মাজনিশা মথাউৰি ছিঙি গাঁও দুখন জলমগ্ন হৈ পৰাত আজিও বহু পৰিয়াল পানীত আবদ্ধ হৈ আছে ঘৰৰ ভিতৰত। অৱশ্যে ইয়াৰ উপৰি মেছাকী চাপৰি, কেমি, বাহিৰ জোনাই, নতুন জেলম আদি জোনাইৰ বিভিন্ন অঞ্চলত নৈ-উপনৈসমূহৰ বাঢ়নী পানীত শ শ বাৰী, কৃষিভূমি বুৰ গৈছে বুলি জানিব পৰা গৈছে৷