নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ কেন্দ্রীয় বস্ত্র মন্ত্রণালয়ৰ অধীনস্থ সংস্থা ভাৰতীয় মৰাপাট নিগমে (জে চি আই) দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো প্রমাণিত বীজ আৰু উন্নত পদ্ধতিৰে মৰাপাটৰ খেতি কৰি কিদৰে লাভান্বিত হ’ব পাৰি সেই সন্দর্ভত সজাগতা অভিযানৰ বিস্তৃত কার্যসূচী গ্রহণ কৰিছে৷ এই কার্যসূচী ইতিমধ্যে যোৱা ৫ মার্চৰ পৰা আৰম্ভ হৈছে আৰু অহা ৩১ মার্চলৈ ৩০টাতকৈ অধিক স্থানত সজাগতা অভিযান চলাব৷ আজি গুৱাহাটীত এখন সংবাদ মেলত জে চি আইৰ মহাপ্রবন্ধক (অ’ এম) কল্যাণ কুমাৰ মজুমদাৰে এই কথা সদৰী কৰে৷ সংবাদ মেলত মজুমদাৰে কয়– অসমৰ বৰপেটা, দৰং, গোৱালপাৰা, কামৰূপ, নগাঁও, মৰিগাঁও, গোলাঘাট, শোণিতপুৰ, ধুবুৰী, বঙাইগাঁও, দক্ষিণ শালমাৰা আদি জিলাত সজাগতা অভিযান চলোৱা হ’ব৷ বিশেষকৈ বজাৰত উপলব্ধ ভেজাল মৰাপাটৰ বীজৰ ভাবুকি প্রতিহত কৰাৰ উদ্দেশ্যে কেন্দ্রীয় চৰকাৰে অধিক উৎপাদনক্ষম উন্নত জাতৰ প্রমাণিত মৰাপাটৰ বীজ যথেষ্ট পৰিমাণে কৃষক ৰাইজক উচিত মূল্যত বিতৰণ ব্যৱস্থা হাতত লৈছে৷
এই উদ্দেশ্যে জে চি আই আৰু কেন্দ্রীয় কৃষি মন্ত্রণালয়ৰ অধীনস্থ সংস্থা ৰাষ্ট্রীয় বীজ নিগমৰ মাজত জে আৰ অ’ ২০৪ জাতৰ ১০,০০০ মেট্রিক টন প্রমাণিত মৰাপাট বীজৰ এক বাণিজ্যিক চুক্তি স্বাক্ষৰিত হয়৷ জে চি আইৰ বিষয়াগৰাকীয়ে লগতে কয় যে এই বীজ মার্চ মাহৰ পহিলা সপ্তাহৰ পৰা মৰাপাট উৎপাদনকাৰী ৰাজ্যসমূহত বাণিজ্যিকভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ সেয়ে কৃষক ৰাইজৰ মাজত প্রমাণিত মৰাপাট বীজৰ গুণাগুণৰ বিষয়ে অৱগত কৰিবলৈ সজাগতা শিবিৰৰ আয়োজন কৰা হৈছে৷ অপ্রমাণিত বীজৰ বিপৰীতে প্রমাণিত মৰাপাটৰ বীজৰ ব্যৱহাৰৰ জৰিয়তে আনুমানিক ২০, ২৫ শতাংশ মৰাপাটৰ উৎপাদন বৃদ্ধি কৰিব পৰা যাব৷ সংবাদ মেলত জে চি আইৰ পৰিচালন সঞ্চালক অজয় কুমাৰ জ’লীয়ে কয়– অসমৰ কৃষকসকলক অধিক উৎপাদনৰ কাৰণে কেৱল প্রমাণিত বীজ ব্যৱহাৰ কৰিবলৈ আজি অনুৰোধ জনালোঁ৷ এই উন্নত মৰাপাটৰ বীজ সজাগতা শিবিৰ জে চি আইৰ ১৯টা কেন্দ্রৰ লগতে খুচুৰা বিক্রেতাসকলৰ ওচৰত উপলব্ধ হ’ব৷ ১১০ টকা মূল্যত ১ কিলো মৰাপাটৰ বীজেৰে এবিঘা মাটিত খেতি কৰিব পাৰিব৷ আনহাতে প্রতি হেক্টৰ মাটিত ১৫ৰ পৰা ২০ হাজাৰ টকা পর্যন্ত উপার্জন কৰিব পাৰিব৷ সংবাদ মেলত জে চি আইৰ উত্তৰ–পূর্বাঞ্চলৰ আঞ্চলিক প্রবন্ধক অনিক কুমাৰ দে’য়ে কয় যে যোৱা বর্ষত বানপানীৰ ফলত অসমত ৫০ শতাংশ মৰাপাটৰ উৎপাদন হ্রাস পাইছে৷ সেয়ে উন্নতমানৰ বীজেৰে এইবাৰ ৫০ শতাংশ উৎপাদন বৃদ্ধিৰ লক্ষ্য বান্ধি লোৱা হৈছে৷