বনমন্ত্রীৰ দেহৰক্ষীৰ বাসগৃহত বন বিভাগৰ অভিযান
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ সৰিয়হ ডুলিতে ভূত ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ দেহৰক্ষী তুষাৰ ৰয়ৰ বাসগৃহত মঙলবাৰে বন বিভাগৰ এটা দলে চলালে অভিযান৷ ধলাহৰ দর্মি বজাৰত থকা মন্ত্রী শুক্লবৈদ্যৰ দেহৰক্ষী তুষাৰ ৰয়ৰ বাসগৃহত অভিযান চলায় বন বিভাগৰ দলটোৱে৷ অভিযানৰ সময়ত বন বিভাগৰ দলটোৱে তুষাৰ ৰয়ৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ সোণাহ ৰেঞ্জৰ ৰেঞ্জাৰ এছ পাটোৱাৰীৰ নেতৃত্বত চলোৱা এই অভিযানকালত ২১৯টা মূল্যৱান কাঠৰ লগ্ ডদ্ধাৰ কৰে৷ দেহৰক্ষীজনে জমা কৰি ৰখা কাঠসমূহ চোৰাং সৰবৰাহৰ বাবে ৰখা হৈছিল বুলি সন্দেহ কৰা হৈছে৷ ডল্লেখ্য যে কিছুদিন পূর্বে মন্ত্রী পৰিমল শুক্লবৈদ্যৰ দেহৰক্ষী তুষাৰ ৰয়ৰ পত্নীৰ মালিকানাধীন কাঠফলা মিলৰ পৰা মেচিন জব্দ কৰা হৈছিল৷ দর্মিখালত থকা কাঠফলা মিলত বন বিভাগৰ অভিযানত জব্দ হৈছিল কাঠফলা মেচিন৷ কাঠফলা মিলসমূহ আৰু অবৈধ কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ বন বিভাগ সক্রিয় হৈ থকাৰ সময়তে স্বয়ং বনমন্ত্রীৰ দেহৰক্ষীৰ ঘৰতে এনেদৰে বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ জব্দ হোৱাৰ পিছত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷