নিয়মীয়া বাৰ্তা, ২ জুলাইঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বত অসমৰ বহু উন্নতি হৈছে ৷ এতিয়া কেৱল শিক্ষা আৰু স্বাস্থ্যখণ্ডত কিছু কৰিবলগীয়া আছে ৷ অসমত শিক্ষা আৰু স্বাস্থ্য বিনামূলীয়া হলে অসম উন্নতিৰ শিখৰ লাভ কৰিব- এই মন্তব্য ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ ৷ আজি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বানিজ্য শাখাত ষষ্ঠ স্থান লাভ কৰা ছাত্ৰ মৃণাল ৰায়ৰ কৃষ্ণাইৰ নিকটৱৰ্ত্তী খৰিয়াপাৰাৰ বাসগৃহ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভা উপস্থিত হয়। ছাত্ৰজনৰ বাসগৃহৰ চোতালত ৰাভা হাছঙৰ মাজজাখলী পৰিষদীয় সমষ্টিৰ জিএম প্ৰবোধ কলিতাই আঁত ধৰা সভাত ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বকে ধৰি বৃহত্তৰ অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সভাত মেধাৱী ছাত্ৰ মৃণাল ৰায়ক ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে ছাত্ৰজনে অধ্যয়ন কৰা কৃষ্ণাইৰ ষ্টেপচ একাডেমীৰ অধ্যক্ষা ভাস্বতী শৰ্মাৰ হাতত শিক্ষানুষ্ঠানখনৰ উন্নয়নৰ কামৰ বাবে ৫০ হাজাৰ টকাৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷ তদুপৰি ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ব্যক্তিগতভাৱে নগদ ৫০ হাজাৰ টকা প্ৰদান কৰে ছাত্ৰজনক। সভাত নিজৰ ভাষনত টংকেশ্বৰ ৰাভাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম বহু দূৰ আগুৱাই গৈছে ৷ এতিয়া জনসাধাৰণৰ শিক্ষা আৰু স্বাস্থ্যটো বিনামূলীয়া কৰিব লাগে ৷ এই দুটা বিনামূলীয়া কৰিলে অসম যে উন্নতিৰ শিখৰ পাব সেয়া নিশ্চিত ৷ গতিকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো যাতে শিক্ষা আৰু স্বাস্থ্য বিনামূলীয়া কৰি দিয়াৰ চিন্তাচৰ্চা কৰে ৷ কাৰণ মৃণাল ৰায়ৰ দৰে মেধাৱী ছাত্ৰৰ প্ৰয়োজন বিনামূলীয়া শিক্ষা ৷ তেওঁ কয় যে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত স্থান লাভ কৰা শিক্ষাৰ্থীক আমি ১ লাখ টকা দি অহাৰ লগতে শিক্ষাৰ্থীজনে অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনক ৫০ হাজাৰ টকাৰ এককালীন অনুদান দি আহিছো। এনেধৰণৰ মেধাৱী ছাত্ৰৰ কাষত আমি সদায় আছোঁ আৰু থাকিম ৷ লগতে তেওঁ কয় যে ভাল ফলাফল কৰি বাহিৰলৈ পঢ়িব গৈ তাত কৰ্মসংস্থাপন লাভ কৰি পিতৃ-মাতৃ তথা জন্মস্থান পাহৰি যায় বহুতে। গতিকে জন্ম দাতা পিতৃ মাতৃ ভগৱানতকৈ আগত বুলি কৈ পিতৃৃ মাতৃক কেতিয়াও অৱহেলা নকৰিবলৈ আহ্বান জনায়। সভাত ষ্টেপচ একাডেমিৰ অধ্যক্ষা ভাস্বতী শৰ্মাৰ লগতে মেধাৱী ছাত্ৰ মৃণাল ৰায়ে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদখনক ধন্যবাদ জনাই ভাষণ আগবঢ়ায়।
প্ৰেৰক উদিত নাৰায়ণ কলিতা