এইবাৰ উকীলৰ কমিছনৰাজৰ বিৰুদ্ধে চৰকাৰৰ দৃঢ় পদক্ষেপ
১ জানুৱাৰীৰ পৰা দুর্ঘটনাৰ ৰিপ’ট ঘৰত গৈ দিব লাগিব আৰক্ষীয়ে
নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ মাটিৰ দালাল, ডিটি’ অফিচৰ দালাল, আৰক্ষী থানাৰ দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইবাৰ ৰাজ্যখনত দুর্ঘটনাক লৈ চলি অহা উকীলৰ কমিছনৰাজৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ গ্রহণ কৰিছে৷ পূর্বতে দুর্ঘটনা এটা সংঘটিত হোৱাৰ পাছত ভুক্তভোগী পৰিয়ালে দুর্ঘটনাৰ ৰিপ’ট, পোষ্টমর্টেম ৰিপ’ট বিচাৰি হাবাথুৰি খাবলগীয়া হয়৷ তাৰ বাবে ভুক্তভোগী পৰিয়ালে উকীলৰ কাষ চাপিবলগীয়া হয় আৰু উকীলে বীমাৰ ধন উলিয়াই দিয়াৰ নামত ৩০–৪০ শতাংশ কমিছন লয়৷ আজি গুৱাহাটীত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই সেই বিষয়ে উল্লেখ কৰি কয় যে দুর্ঘটনা সংঘটিত হোৱাৰ পাছত ৰাজ্যখনত দুখীয়া মানুহক সর্বস্বান্ত কৰাৰ বজাৰ এখন বহে৷ সেই ব্যৱস্থাৰ অৱসান ঘটিব লাগিব৷ অহা ১ জানুৱাৰীৰ পৰা কোনো দুর্ঘটনা সংঘটিত হোৱাৰ পাছত ভুক্তভোগী থানালৈ নহয়, আৰক্ষী থানাৰ লোকহে ভুক্তভোগীৰ ঘৰলৈ যাব লাগিব৷ দুর্ঘটনা সম্পর্কীয় ৰিপ’ট, পোষ্টমর্টেম ৰিপ’ট আৰক্ষীয়ে ভুক্তভোগীৰ ঘৰলৈ গৈ দি আহিব লাগিব৷ তাৰ পাছত ভুক্তভোগীৰ পৰিয়াল যদি উকীলৰ কাষলৈ যায়, তেতিয়া উকীলৰ ফীজৰ কথা পাতিব, কমিছন নহয়৷ কিন্তু বর্তমান দুর্ঘটনাৰ ৰিপ’ট, পোষ্টমর্টেম ৰিপ’টৰ বাবে হাবাথুৰি খাই ৰাইজে যেতিয়া উকীলৰ কাষ চাপে, তেতিয়া ৩০–৪০ শতাংশ কমিছনৰ কথা আহি পৰে৷
ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই ইমানৰ পাছতো যদি দুর্ঘটনা সম্পর্কীয় ৰিপ’ট, পোষ্টমর্টেম ৰিপ’ট বিচাৰি ৰাইজ আৰক্ষী থানালৈ আহিবলগীয়া হয়, তেতিয়াহ’লে তেওঁলোকক চৰকাৰৰ অতিথি কৰাৰ অর্থাৎ গ্রেপ্তাৰ কৰাৰ কঠোৰ সকীয়নি প্রদান কৰে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই সম্প্রতি ডিটিঅ’ অফিচৰ দালাল বিচাৰি পাবলৈ নাই বুলি উল্লেখ কৰি কয় যে চৰকাৰী কার্যালয় খোলা থকাৰ সময় দিনৰ ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ যদিও চৰকাৰে জনসাধাৰণৰ বাবে ২৪ ঘণ্টাই কার্যালয়ত কাম কৰাৰ ব্যৱস্থা কৰি আছে৷ প্রযুক্তিৰ ব্যৱহাৰেৰে জনসাধাৰণক ২৪ ঘণ্টাই কাম কৰাৰ সুবিধা দিব৷ এতিয়ালৈ অনলাইনযোগে আবেদন কৰি ১.৫ লাখ লোকে লার্নাৰ ড্রাইভিং লাইচেঞ্চ পালে৷
ড্রাইভিং লাইচেঞ্চ আৰু ডুপ্লিকেট ড্রাইভিং লাইচেঞ্চো অনলাইনযোগে প্রাপ্তিৰ ব্যৱস্থা কৰা হৈছে৷ অহা ২০ নৱেম্বৰৰ পৰা অনলাইনযোগে ট্রেড লাইচেঞ্চ পোৱাৰো ব্যৱস্থা কৰা হ’ব৷ ঘৰতে বহি নিশা ২ বজাতো জাহাজৰ টিকট, এ এছ টি চি বাছৰ টিকট, নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়নকে ধৰি সকলো কাম কৰাৰ ব্যৱস্থা কৰি জনসাধাৰণৰ বাবে ২৪ ঘণ্টাই অফিচ খোলা থকাৰ দৰে কৰা হ’ব৷ মিছন বসুন্ধৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়ালৈ ১,১০,০০০ লোকে ভূমি সম্পর্কীয় সমস্যা নিষ্পত্তিৰ বাবে আবেদন কৰিছে৷ ইতিমধ্যে ১০ হাজাৰ আবেদন নিষ্পত্তি হৈছে৷ প্রযুক্তি আৰু কর্তব্যনিষ্ঠা লগ লাগিলে আমি বহু দূৰ আগবাঢ়িব পাৰিম বুলি মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত উল্লেখ কৰি কয় যে এবছৰৰ ভিতৰত ৰাজ্যখনত বহুত পৰিৱর্তন আহিব৷