নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ অক্টোবৰৰ পৰা হ’ব নৱম, একাদশ শ্ৰেণীৰ পাঠদানঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বোকাখাটত ঘোষণা কৰে যে, পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিলে অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব উচ্চতম মাধ্যমিক প্ৰথম বৰ্ষ, নৱম আৰু স্নাতক প্ৰথম বৰ্ষৰ পাঠদান।

উল্লখ্য যে ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে প্রায় পাঁচ মাহৰ পাছত সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল দশম শ্রেণীৰ নিয়মীয়া পাঠদান৷ ক’ভিড প্রট’কলৰ মাজেৰে ৰাজ্যৰ বিদ্যালয়সমূহত দশম শ্রেণীৰ পাঠদান আৰম্ভ কৰা হৈছে৷ অৱশ্যে দশম শ্রেণীৰ নিয়মীয়া পাঠদান আৰম্ভ কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কেতবোৰ নীতি–নির্দেশনা সন্নিৱিষ্ট কৰি এখন সুকীয়া এছ অ’ পি জাৰি কৰিছে৷ সেই অনুসৰি বিদ্যালয়ত পাঠদানৰ পূর্বে শ্রেণীকোঠাসমূহ ছেনিটাইজ কৰা হৈছে৷ একেদৰে এটা শ্রেণীত সর্বাধিক ৩০জন শিক্ষার্থী বহিবলৈ অনুমতি প্রদান কৰা হৈছে৷ অতিৰিক্ত শিক্ষার্থীৰ বাবে শাখাৰ ব্যৱস্থা কৰা হৈছে৷

You might also like