বাংলাদেশৰ পৰা আহিল দুখনকৈ চিমেণ্ট ভর্তি জাহাজ
নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ বাস্তৱ হ’ল জলপথেৰে অসম–বাংলাদেশৰ মাজত বাণিজ্যিক সম্পর্ক৷ চুবুৰীয়া ৰাষ্ট্রখনৰ নাৰায়ণগঞ্জৰ পৰা অহা তিনিখন জাহাজ কালি বিয়লিৰ ভাগত কুশিয়াৰা নৈ হৈ কৰিমগঞ্জ চহৰৰ কালিবাড়ী ৰোডৰ ষ্টিমাৰঘাট বন্দৰত উপস্থিত হয়৷ ইয়াৰে দুখন জাহাজে বাংলাদেশৰ প্রিমিয়াম কোম্পানীৰ চিমেণ্ট কঢ়িয়াই অনাৰ বিপৰীতে এখনত কোনো ধৰণৰ সামগ্রী নাই৷ অর্থাৎ এখন জাহাজ খালী৷ ওভতনি যাত্রাত তিনিওখন জাহাজেৰে অসম–মেঘালয়ৰ চূণশিল বাংলাদেশলৈ প্রেৰণ কৰা হ’ব৷ জলপথেৰে চুবুৰীয়া ৰাষ্ট্রখনৰ সৈতে গঢ় লৈ উঠা বাণিজ্যিক সম্পর্ক স্থাপনৰ কালিৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল কৰিমগঞ্জ চহৰবাসী৷ বাংলাদেশৰ পৰা যাত্রা আৰম্ভ কৰি কৰিমগঞ্জত উপস্থিত হোৱা জাহাজকেইখনক আদৰণি জনোৱাৰ বাবে ষ্টিমাৰঘাট বিমানবন্দৰত উপস্থিত আছিল ভাৰতৰ আভ্যন্তৰীণ জলপথ প্রাধিকৰণ (আই ডব্লিউ এ আই) আৰু সীমান্ত সুৰক্ষা বাহিনীৰ শীর্ষস্থানীয় বিষয়াৰ দল৷ জানিব পৰা মতে, বাংলাদেশৰ প্রিমিয়াম কোম্পানীৰ পৰা আমদানিকৃত চিমেণ্ট সদ্যহতে বৰাক উপত্যকাৰ তিনিওখন জিলা ক্রমে কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দিত বিপণন কৰা হ’ব৷ উল্লেখ্য যে জলপথেৰে বাংলাদেশৰ সৈতে বাণিজ্য আৰম্ভ কৰা প্রক্রিয়াটোৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে ভাৰতৰ আভ্যন্তৰীণ জলপথ প্রাধিকৰণে৷ যোৱা ৮ নৱেম্বৰতে এই বাণিজ্যিক সম্পর্কৰ আনুষ্ঠানিক সূচনা হোৱাৰ কথা আছিল যদিও অনিবার্য কাৰণবশতঃ সেয়া স্থগিত ৰখা হৈছিল৷ পাছত যোৱা ৯ নৱেম্বৰত ভাৰতৰ আভ্যন্তৰীণ জলপথ প্রাধিকৰণৰ উদ্যোগত ষ্টিমাৰঘাটস্থিত কার্যালয়ত এখন উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷ উক্ত বৈঠকতে অসম–বাংলাদেশৰ মাজত জলপথেৰে বাণিজ্যিক সম্পর্ক আৰম্ভ কৰাৰ সকলো দিশ পর্যালোচনা কৰা হয়৷ গুৰুত্বপূর্ণ এই বৈঠকখনত উপস্থিত আছিল ভাৰতৰ আভ্যন্তৰীণ জলপথ প্রাধিকৰণৰ ট্রেফিক এণ্ড লজিষ্টিক বিভাগৰ যুটীয়া সচিব শশীভূষণ শুক্লা, মিনিষ্ট্রী অৱ চিপিঙৰ যুটীয়া সচিব সুনীল কুমাৰ, শুল্ক বিভাগৰ সহকাৰী আয়ুক্ত প্রদীপ কুমাৰ জৰদাৰ, সীমান্ত সুৰক্ষা বাহিনীৰ সহকাৰী অধিনায়ক মনদীপ জিলানী আদি৷ প্রথম অৱস্থাত বাংলাদেশৰ পৰা কৰিমগঞ্জলৈ ১২৫ মেট্রিকটন চিমেণ্ট আমদানিৰ লক্ষ্য লোৱা বুলি জানিব পৰা গৈছে৷