ব্রিটিছ নাগৰিকৰ পৰা ১.৩৮ কোটি আত্মসাৎ প্রাক্তন মুখ্য সচিবৰ দুই পুত্রৰ
উদ্যোগ স্থাপনৰ নামত বিদেশী বিনিয়োগকাৰীক প্রৱঞ্চনা
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ ৰাজ্যত উদ্যোগ স্থাপনৰ নামত এগৰাকী বিদেশী বিনিয়োগকাৰীৰ লগতে কেইবাজনো স্থানীয় বিনিয়োগকাৰীক ৰাজ্যৰ প্রাক্তন মুখ্য সচিব প্রয়াত প্রবীৰ কুমাৰ দত্তৰ দুই পুত্রই প্রৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ শোণিতপুৰৰ বৰপুখিয়াঝাৰ গাঁৱত ক্লিন’পলিচ এনার্জী ছিষ্টেম ইণ্ডিয়া প্রাইভেট লিমিটেড নামৰ এটা প্রতিষ্ঠান স্থাপনৰ নামত প্রাক্তন মুখ্য সচিবজনৰ দুই পুত্র ক্রমে প্রকাশ দত্ত আৰু ঋষিকেশ দত্তই প্রৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ব্রিটেইনৰ নাগৰিক ৰিচার্ড এণ্ড্রিউ উইলিয়াম লিটছ নামৰ বিনিয়োগকাৰীজনৰ প্রায় ১.৩৮ কোটি টকা প্রকাশ দত্ত আৰু ঋষিকেশ দত্তই আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ এই সন্দর্ভত ২০১৯ চনৰ ৬ আগষ্টতে লিটছে চি আই ডিত প্রকাশ দত্ত আৰু ঋষিকেশ দত্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে৷ এই এজাহাৰত কিদৰে তেওঁক ক্লিন’পলিচ এনার্জী ছিষ্টেমছ ইণ্ডিয়া প্রাইভেট লিমিটেড নামৰ উদ্যোগটো স্থাপনৰ বাবে বিনিয়োগ কৰিবলৈ সৈমান কৰাই পৰৱর্তী সময়ত তেওঁৰ সমস্ত ধন আত্মসাৎ কৰিছিল, সেয়া উল্লেখ কৰিছে৷
এই এজাহাৰখনত উল্লেখ কৰা অনুসৰি ২০১৮ চনৰ জানুৱাৰী মাহত তেওঁ প্রকাশ দত্তৰ সৈতে চিনাকি হৈছিল৷ সেই সময়ত উদ্যোগটোৰ পৰিচালন সঞ্চালকৰ দায়িত্বত থকা প্রকাশ দত্তই উদ্যোগটোত বিনিয়োগৰ বাবে তেওঁক আমন্ত্রণ জনাইছিল৷ সেই সময়ত তেজপুৰস্থিত এইচ ডি এফ চি বেংকৰ জৰিয়তে লিটছে দত্ত ভাতৃদ্বয়ক প্রায় ৬০ হাজাৰ মার্কিন ডলাৰ বিনিয়োগৰ বাবে অনলাইনযোগে প্রেৰণ কৰিছিল৷ পৰৱর্তী সময়ত পুনৰ অধিক ধনৰ প্রয়োজন হোৱাত ২০১৯ চনৰ মে’ত লিটছে পুনৰ ৩৫ হাজাৰ মার্কিন ডলাৰ এই প্রকল্পত বিনিয়োগ কৰে৷ কিন্তু পৰৱর্তী সময়ত ভাৰত ভ্রমণৰ সময়ত তেওঁ এই প্রকল্পটো পৰিদর্শনৰ বাবে আহে৷ সেই সময়ত তেওঁ অৱগত হয় যে ২০১৯ বর্ষৰ ২৭ জুলাইৰ পৰা বিজুলী বিল নিদিয়া বাবে উদ্যোগটোত বিদ্যুৎ সংযোগ কর্তন কৰা হৈছে৷ তদুপৰি এলাহাবাদ বেংকত উদ্যোগটোৰ আন এটা লোন পৰিশোধ নকৰাকৈ পৰি থকা বুলিও বিদেশী বিনিয়োগকাৰীগৰাকী অৱগত হয়৷ এলাহাবাদ বেংকত তেওঁলোকৰ ঋণ পৰিশোধ নকৰাৰ বাবে ভুৱা নথিৰে এক্সিছ বেংকত আন এটা একাউণ্ট খুলি প্রকাশ দত্ত আৰু ঋষিকেশ দত্তই তেওঁৰ ধন আত্মসাৎ কৰিছিল বুলিও এজাহাৰখনত উল্লেখ কৰিছে৷
এই প্রকল্পটোৰ পৰা কোনোধৰণৰ লাভালাভ লাভ নকৰাত লিটছে প্রকাশ দত্ত আৰু ঋষিকেশ দত্তৰ বিৰুদ্ধে চি আই ডিত এজাহাৰ দাখিল কৰে৷ অৱশ্যে বর্তমানলৈ এই গোচৰটো সন্দর্ভত বিশেষ তদন্ত আগবঢ়া নাই বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে গোবৰৰ পৰা বিজুলী উৎপাদনৰ লগতে জৈৱিক সাৰ উৎপাদন কৰাৰ লক্ষ্যৰে এই উদ্যোগটো স্থাপন কৰা হৈছিল৷ যথেষ্ট সম্ভাৱনা থকা এই উদ্যোগটোত বিনিয়োগৰ বাবে কেইবাজনো লোক আগবাঢ়ি আহিছিল৷ বিদেশী বিনিয়োগকাৰী লিটছৰ উপৰি তেজপুৰ আৰু গুৱাহাটীৰ স্থানীয় লোকে এই উদ্যোগটোত বিনিয়োগ কৰিছিল৷ প্রাপ্ত তথ্য অনুসৰি সমগ্র প্রকল্পটোৰ মুঠ ব্যয় আছিল প্রায় ৮ কোটি টকা৷ লিটছৰ উপৰি ইক্রামুল মাজিদ, অশ্বিনী দাস আৰু প্রাণজিৎ আগৰৱালা নামৰ ব্যক্তিৰ পৰাও প্রকাশ দত্ত আৰু ঋষিকেশ দত্তই উদ্যোগটোত বিনিয়োগৰ নামত ধন সংগ্রহ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে৷ এক বিশেষ সূত্রই সদৰী কৰা অনুসৰি মাজিদৰ পৰা ৫ কোটি টকা, অশ্বিনী দাসৰ পৰা ১৭ লাখ আৰু প্রাণজিৎ আগৰৱালাৰ পৰা ১৫ লাখ টকা সংগ্রহ কৰিছিল দত্ত ভাতৃদ্বয়ে৷ কিন্তু প্রকল্পটোৰ নামত বিনিয়োগকাৰীসকলে বিনিয়োগ কৰা এই বৃহৎ পৰিমাণৰ ধন উপযুক্তভাৱে খৰচ নকৰাত নির্ধাৰিত সময়ত এই প্রকল্প আৰম্ভ কৰিব পৰা নগ’ল৷ ফলত এলাহাবাদ বেংকে তেওঁলোকৰ সৈতে থকা ক্লিন’পলিচৰ একাউণ্ট এন পি এ হিচাপে ঘোষণা কৰাৰ লগতে নিলাম কৰাৰ বাবেও ইতিমধ্যে জাননী জাৰি কৰিছে৷
যাৰ বাবে এই প্রকল্পত বিনিয়োগ কৰা লোকসকলৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে৷ কিয়নো এই প্রকল্প বিক্রী কৰি সমূদায় ধন বেংকে আদায় কৰিলে বিনিয়োগকাৰীসকলৰ কোটি কোটি টকা পানীত পৰিব৷ সেয়েহে এই প্রকল্পটো পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্রত বর্তমানৰ ৰাজ্য চৰকাৰক গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাইছে বিনিয়োগকাৰীসকলে৷ এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি অন্যতম বিনিয়োগকাৰী প্রাণজিৎ আগৰৱালাই কয় যে ২০১৬ চনত তেওঁক প্রকাশ দত্তই বিনিয়োগৰ বাবে আহ্বান জনাইছিল৷ সেই সময়ত তেওঁ ১৫ লাখ টকা প্রদান কৰিছিল বুলি উল্লেখ কৰি কয়– ‘মই এজন যিহেতু স্থানীয় উদ্যোগী, সেয়েহে ১৫ লাখ টকা ঋণ হিচাপে তেওঁক প্রদান কৰিছিলোঁ৷ পাছত মই গম পালোঁ যে এই উদ্যোগটো উৎপাদনক্ষম হৈ উঠা নাই৷ মোৰ ধন তেওঁলোকৰ পৰা ঘূৰাই বিচাৰিছিলোঁ যদিও মোৰ পৰা তেওঁলোক আঁতৰি থাকিবলৈ চেষ্টা কৰে৷ যাৰ বাবে গুৱাহাটীৰ সত্র ন্যায়াধীশৰ আদালতত মই তেওঁলোকৰ বিৰুদ্ধে এটা গোচৰ তৰিছিলোঁ৷ এই গোচৰটোত মোৰ সপক্ষে ৰায় দিয়া হৈছিল যদিও আইনী সুৰুঙাৰ সুযোগ গ্রহণ কৰি আজিপর্যন্ত মোৰ ধন ঘূৰাই নিদিলে৷ বহুত মানুহৰ পৰা তেওঁলোকে বিনিয়োগৰ নামত ধন লৈছে৷ এইটো এটা যথেষ্ট সম্ভাৱনা থকা উদ্যোগ৷ সেয়েহে ইয়াক পুনৰুজ্জীৱিত কৰিব লাগে৷’ সেয়েহে ভৱিষ্যতে এইক্ষেত্রত প্রৱঞ্চক ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰিব, সেয়া লক্ষণীয় হ’ব৷