নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী–গুজৰাটৰ পৰা অসমত চলিছে একনায়কত্ববাদ

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ অসম বচাওঁ’ শীর্ষক কার্যসূচীৰে আজি ধুবুৰীত ৰণশিঙা বজালে সাংসদ গৌৰৱ গগৈয়ে৷ যোৱানিশা ধুবুৰীত আহি উপস্থিত হোৱা গৌৰৱ গগৈয়ে ধুবুৰী বিধানসভা সমষ্টিৰ অন্তর্গত কালাহাটৰ এঘৰত নৈশ যাপনো কৰা দেখা যায়৷ গাঁওখনৰ বাসিন্দা তথা কোচ ৰাজবংশী সাহিত্য সভাৰ প্রাক্তন সভাপতি কর্ণধৰ ৰায়ৰ গৃহত নিশা কটোৱাৰ উপৰি গৃহস্থকে ধৰি সাংসদগৰাকীয়ে ধুবুৰী জিলা কংগ্রেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ আৰু দক্ষিণ শালমাৰাৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্রেছী নেতা ৱাজেদ আলী চৌধুৰীসহ আন কেইবাগৰাকী দলীয় সতীর্থৰ সৈতে মাটিত বহি নিশাৰ আহাৰো গ্রহণ কৰে৷ গাঁওখনত নিশা কটোৱাৰ পিছত আজি পুৱা স্থানীয় আৱর্ত ভৱনত উপস্থিত হয় আৰু তাৰ পৰা পোনে পোনে গৌৰৱ গগৈয়ে সমীপতে থকা ধুবুৰীৰ ইতিহাসপ্রসিদ্ধ ‘শ্রীগুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা’ত আশিস লয়৷

ইয়াৰ পিছত ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালীবাডী মন্দিৰত উপস্থিত হৈ দেৱীৰ আশীর্ৱাদো লয় তেওঁ৷ পিছত ধুবুৰী সমষ্টিৰ আদাবাৰীৰ পৰা বাইক ৰেলীৰে সমষ্টিটোৰ ধর্মশালাত উপস্থিত হৈ এক জনসভাতো অংশ লয় গৌৰৱ গগৈয়ে৷ ইপিনে আজি ধুবুৰী আৱর্ত ভৱনৰ সমীপত সাংবাদিকৰ আগত বিজেপিক আক্রমণৰ লক্ষ্য কৰি লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰে সাংসদ গগৈয়ে৷ সাংবাদিকৰ আগত গৌৰৱ গগৈয়ে অসমৰ ক্ষেত্রত দেশৰ প্রধানমন্ত্রী আৰু গৃহমন্ত্রীয়ে দিল্লী আৰু গুজৰাটৰ পৰা একনায়কত্ববাদ চলাই থকা বুলি অভিযোগ তুলে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক কটাক্ষ কৰি তেওঁ আৰু কয়– ‘দুর্ভাগ্যজনক কথা– জাতীয় নায়ক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমীয়া জাতিক যিধৰণে সুৰক্ষিত ৰাখিব লাগিছিল সেয়া পাৰা নাই, বাহিৰৰ শক্তি, বাহিৰৰ সংস্কৃতি তেওঁ অসমত সুমাবলৈ দি আছে৷’ সম্প্রতি ‘আফছপা’ৰ অধীনত অসমক অশান্ত অঞ্চল ঘোষণা কৰা হোৱা সন্দর্ভত মন্তব্য বিচাৰি কৰা প্রশ্ণৰ উত্তৰত গৌৰৱ গগৈয়ে দেশৰ গৃহমন্ত্রী অমিত শাহক আক্রমণৰ লক্ষ্য কৰি লয়৷

You might also like