পিতৃ-মাতৃৰ সমাধিৰ কাষতে অন্তিম আশ্ৰয় ল’লে ডাঃ ভূমিধৰ বৰ্মনে, শোকাকুল গুণমুগ্ধ
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ অসমৰ দীৰ্ঘদিনৰ ৰাজনৈতিক ব্যক্তিত্ব ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন আজি। আজি দুপৰীয়া হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত নিজে পিতৃ-মাতৃৰ নামত স্থাপন কৰা বেলশৰৰ ভকতৰাম পুখুৰী পাৰৰ উদ্যানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া।
নিজে ৰোপণ কৰা চন্দন গছৰ কাঠেৰে সজোৱা চিতাৰ জুইত চিৰদিনলৈ বিলীন হৈ গ’ল প্ৰবীণ গান্ধীবাদী তথা ‘গৰিবৰ বন্ধু, জননেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ।
কালি তেওঁৰ গৃহ জিলা নলবাৰীৰ বেলশৰ গাঁৱলৈ নশ্বৰ দেহ লৈ যোৱাৰ পিছত আজি ডাঃ বৰ্মনক শেষ শ্ৰদ্ধা জনোৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় ভকতৰাম উদ্যানত।
সোণোৱালে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, বিধায়ক দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন,বিধায়ক প্ৰশান্ত ফুকন, বসন্ত দাস, সাংসদ আব্দুল খালেক, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টে শান্তনু ভৰালী, বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, জিলা উপায়ুক্ত পূৰৱী কোঁৱৰ,আৰক্ষী অধীক্ষক অমনজিত কৌৰ আদিকে ধৰি বিশিষ্ট ব্যক্তিসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
উল্লেখ্য, ডাঃ ভূমিধৰ বৰ্মনৰ শেষ ইচ্ছা অনুযায়ী তেওঁৰ পিতৃ-মাতৃৰ সমাধিস্থলীৰ কাষতে কৰা হয় অন্ত্যেষ্টিক্ৰিয়া।
ডাঃ ভূমিধৰ বৰ্মনৰ সৰলতা আৰু চিকিৎসক ৰূপে আগবঢ়োৱা অৱদান তথা ৰাজনীতিক ৰূপে সমাজৰ সকলো দিশতে পালন কৰা ভূমিকাৰ কথা সুঁৱৰি আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে অজস্ৰ গুণমুগ্ধই।