নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গামেৰীমূৰাত পথ–দলং নির্মাণ মেঘালয়ৰ

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ  বকোৰ অসম–মেঘালয় সীমান্তৱর্তী এলেকাত অব্যাহত আাছে মেঘালয়ৰ আগ্রাসন৷ মেঘালয়ে অসমৰ ভূ–খণ্ডত পথ নির্মাণ কৰাৰ লগতে নির্মাণ কৰিছে দলঙো৷ ফলত অসম–মেঘালয় সীমান্তত বসবাস কৰা অসমৰ নাগৰিকৰ মাজত আতংকই বিৰাজ কৰিছে৷ ঘটনাৰ খবৰ লাভ কৰিয়েই বকো আৰক্ষী আৰু কামৰূপ জিলা ৰাভা ছাত্র সন্থাৰ লগতে গামেৰীমূৰা আঞ্চলিকৰ এটা সঁজাতী দল গৈ উপস্থিত হয় উক্ত স্থানত৷ যোৱা ২৪ আগষ্টৰ পৰা কামৰূপ জিলাৰ অসম–মেঘালয় সীমান্তৰ গামেৰীমূৰাত হহুৱা জলপ্রপাতলৈ যোৱা পথ, দলং নির্মাণ কৰি আহিছে মেঘালয়ে৷

মঙলবাৰে সীমান্তৰ পথ নির্মাণ বন্ধ কৰিবলৈ যোৱা প্রশাসনিক দলৰ লগতে সঁজাতী দলটোক লক্ষ্য কৰি একাংশ মেঘালয়ৰ সমর্থকে অশালীন গালি–গালাজ কৰে৷ উন্মত্ত দলটোৱে সাংবাদিককো আক্রমণ কৰিবলৈ হাতে হাতে শিল লৈ চোঁচা লয়৷ কর্তব্যৰত সাংবাদিকক ভিডি’ বন্ধ কৰিবলৈ বাধ্য কৰায়৷ ফলত অসম–মেঘালয় সীমান্ত অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনাস্থলীৰ পৰা অসম আৰক্ষীৰ দলে পিছহুঁহকি আহিবলগীয়া হয়৷ ফলত সীমান্তৱর্তী অঞ্চলটোত পৰিস্থিতি যিকোনো সময়তে অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷

You might also like