নিয়মীয়া বাৰ্তা, ১ জুনঃ কামৰূপ জিলাৰ ছয়গাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত আচলপাৰা গাঁও পঞ্চায়তৰ সভাপতি তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুল ৰেজ্জাকক গ্ৰেপ্তাৰ। লক ডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে দুখীয়া লোকক এহেজাৰ টকাকৈ প্ৰদান কৰাৰ নামত এইগৰাকী কংগ্ৰেছী পঞ্চায়ত সভাপতিয়ে গৰৈমাৰী খণ্ড উন্নয়ন বিষয়াৰে মিলি দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উঠিছিল। ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল জোৰশিমলু আৰক্ষী থানাত ৷ অৱশেষত গুৱাহাটীৰ বশিষ্টত আত্মগোপন কৰি থকা অৱস্থাত ছয়গাঁও আৰক্ষীৰ সহযোগত কামৰূপ আৰক্ষী আৰু বশিষ্ট আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই কৰায়ত্ত কৰে। গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া জয়নাল আলী সহ চাৰিজনক ইতিমধ্যেই উক্ত অভিযোগত কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ আব্দুৰ ৰেজ্জাকৰ বিৰুদ্ধে থকা গোচৰ নম্বৰ হৈছে৩৬৬/২০২০ আৰু ৫০৯/২০২০ ৷