নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈৰ দূত হৈ অখিলক জিএমচিএইচত সাক্ষাৎ গৌৰৱৰ

দিবন–পি কেৰ গ্রেপ্তাৰক নাটক আখ্যা গৌৰৱ গগৈৰ

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ   অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তিৰ কেলেংকাৰি সম্পর্কত দিবন ডেকা, পি কে দত্তৰ গ্রেপ্তাৰক নাটক আখ্যা দিছে লোকসভাৰ কংগ্রেছ দলৰ উপ–দলপতি তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে৷ মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি সাংসদ গগৈয়ে কয় যে আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰা দিবন ডেকাৰ পৰা কি কথা ওলাল? শেহতীয়াকৈ পি কে দত্তকো গ্রেপ্তাৰ কৰা হৈছে৷ কিন্তু অৱসৰপ্রাপ্ত ডিআইজি দত্ত যেতিয়া অসমত আছিল, তেতিয়া তেওঁৰ ওপৰত ৰিম’ট কণ্ড্র’ল কোন আছিল? কেলেংকাৰিটোৰ মাষ্টাৰ মাইণ্ড কোন? কোনে ৰিম’ট কণ্ড্র’ল কৰি আছে? সেয়া পোহৰলৈ আহিলেহে আচল তদন্ত হ’ব৷ মুখ্যমন্ত্রীৰ কার্যালয়কো এই তদন্তৰ আওতালৈ অনাৰ দাবী কৰি সাংসদ গগৈয়ে কয় যে কেৱল আৰক্ষী উপ–পৰিদর্শকতে কেলেংকাৰি হোৱা নাই৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগতো নিযুক্তি কেলেংকাৰি ইতিপূর্বে সংঘটিত হৈছে৷ ব্লেকলিষ্টেড ফার্মক নিযুক্তিৰ পৰীক্ষা পাতিবলৈ দিয়াৰ ছিণ্ডিকেট চলি আছে৷ সেয়ে কংগ্রেছে উচ্চ ন্যায়ালয়ৰ এজন কর্মৰত ন্যায়াধীশৰ জৰিয়তে সমগ্র কেলেংকাৰিটোৰ তদন্ত কৰাৰ দাবী কৰি আহিছে৷ তেতিয়াহে এই কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড কোন, কাৰ হাতত ৰিম’ট কণ্ড্র’ল আছে, সেয়া পোহৰলৈ আহিব৷ কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড আৰু ৰিম’ট কণ্ড্র’ল হাতত লৈ থকাসকল চিনাক্ত হ’লেহে তদন্ত সম্পূর্ণ হ’ব৷

ইপিনে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দূত হিচাপে সাংসদ গগৈয়ে মঙলবাৰে জিএমচিএইচত চিকিৎসাধীন হৈ থকা কৃষক মুক্তিৰ নেতা অখিল গগৈক সাক্ষাৎ কৰে৷ কৃষক মুক্তিয়ে অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দল নামেৰে নতুন ৰাজনৈতিক দল এটা গঠন কৰাৰ পিছতেই গৌৰৱ গগৈৰ এই সাক্ষাতে বিশেষ তাৎপর্য বহন কৰিছে৷ কিয়নো কংগ্রেছে মহাজোঁট গঠনৰ ক্ষেত্রত অখিলৰ দলকো অংশগ্রহণ কৰিবলৈ আহ্বান জনাই আহিছে৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত সাংসদ গগৈয়ে কয় যে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ নির্দেশমর্মে তেওঁ  অখিল গগৈক সাক্ষাৎ কৰিছে৷ প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে অখিল গগৈক অন্তৰৰ পৰা ভাল পায়, মৰম কৰে৷ তেওঁ অখিল গগৈক সাক্ষাৎ কৰাৰ সময়ত অখিলৰ মুখত হাঁহি দেখাৰ লগতে স্বাস্থ্যও যথেষ্ট ভাল দেখিছে বুলি সাংবাদিকক জানিবলৈ দিয়ে৷ ৰাজ্যখনত শেহতীয়াকৈ নতুন নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্রসংগত সাংসদ গগৈয়ে কয় যে বিজেপিৰ বিশ্বাসঘাতকতা আৰু অগপৰ ক্ষমতালোভী চৰিত্রৰ বাবে যি ক্ষোভৰ জন্ম হৈছে, তাৰ বাবেই এতিয়া নতুন নতুন দলৰ জন্ম হৈছে৷ ‘কা’ আন্দোলনৰ পটভূমিতে এই দলসমূহ গঠন হৈছে৷ কিন্তু কংগ্রেছৰ ১৫ বছৰীয়া শাসনকালত এনেদৰে ৰাজনৈতিক দলৰ জন্ম হোৱা নাছিল৷ বিজেপিক ৱাছিং মেচিনৰ সৈতে তুলনা কৰি সাংসদ গগৈয়ে কয় যে কেলেংকাৰিৰ লগত জড়িতসকলক বিজেপিয়ে ৰক্ষণাবেক্ষণ দিয়ে আৰু অলপ দিনৰ পিছতেই তেওঁলোক হিৰো হৈ যায়৷ বিজেপিলৈ যোৱাৰ পিছত তেওঁলোকৰ গাত থকা ক’লা ৰং মোহাৰি বগা কৰি দিয়ে৷

You might also like