নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচত জিন’মিক ছিকুয়েঞ্চিং পৰীক্ষাগাৰ

স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ক’ভিডৰ অমিক্রন প্রকাৰৰ লগতে ভৱিষ্যতে দেখা দিব পৰা অন্য জটিল ভাইৰাছজনিত ৰোগৰ প্রাদুর্ভাৱজনিত পৰিস্থিতিত অসমতে ভাইৰাছৰ সম্পূর্ণ ‘জিনীয় অনুক্রমণ’ (জিন’মিক ছিকুয়েঞ্চিং) পৰীক্ষা সম্পন্ন কৰিব পৰাকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত এটা ‘জিন’মিক ছিকুয়েঞ্চিং লেবৰেটৰী’ স্থাপনৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে৷ এইক্ষেত্রত বিশেষ আগভাগ লৈ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তহ আজি ভাইৰাছ বিশেষজ্ঞ আৰু স্বাস্থ্য বিভাগৰ এটা দলসহ যোৰহাটস্থিত কেন্দ্রীয় চৰকাৰৰ অধীনৰ ‘নর্থ হষ্ট হনষ্টিটিডট অৱ ছায়েঞ্চ এণ্ড টেকন’লজী’ (এনহআহএছটি)ৰ এডভান্সড ম’লিকুলাৰ পৰীক্ষাগাৰ পৰিদর্শন কৰাৰ লগতে এনহআহএছটি কর্তৃপক্ষ আৰু বিজ্ঞানীসকলৰ সৈতে গুৰুত্বপূর্ণ আলোচনাত মিলিত হয়৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মণন, ৰাজ্যৰ আগশাৰীৰ বীজাণু বিশেষজ্ঞ (ভাহৰোল’জিষ্ট) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্র’বায়’লজী বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ অজন্তা শর্মা আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ পূর্ণিমা বৰুৱাৰ সৈতে বুধবাৰে দুপৰীয়া এনহআহএছটিত ডপস্থিত হৈ স্বাস্থ্যমন্ত্রী মহন্তই কেন্দ্রীয় চৰকাৰৰ অধীনৰ পৰীক্ষাগাৰটোৰ সঞ্চালক ডাঃ জি নৰহৰি শাস্ত্রী আৰু গৱেষক–বিজ্ঞানীসক লগত সম্পূর্ণ জিন’মিক ছিকুয়েঞ্চিং কৰিব পৰা পৰীক্ষাগাৰ স্থাপনৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি আৰু কাৰিকৰী দিশসমূহৰ বিষয়ে বিতং আলোচনা কৰে৷ আলোচনাকালত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনে ডচ্চস্তৰীয় জিন’মিক ছিকুয়েঞ্চিং পৰীক্ষাগাৰ স্থাপনৰ ক্ষেত্রত প্রয়োজনীয় কাৰিকৰী দিশত ৰাজ্য চৰকাৰৰ সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে এনহআহএছটিৰ সঞ্চালক ডাঃ শাস্ত্রীয়ে৷ আনহাতে, ডজনি অসমত ৰাজ্যৰ স্বাস্থ্য বিভাগক এহ জিন’মিক ছিকুয়েঞ্চিঙৰ পৰীক্ষণত ক্ষেত্রত এনহআহএছটিৰ এডভান্সড ম’লিকুলাৰ লেবৰেটৰীৰ ফালৰ পৰা সহযোগিতা আগবঢ়াবলৈও সন্মতি প্রকাশ কৰে সঞ্চালকগৰাকীয়ে৷ হয়াৰ বাবে ৰাজ্য চৰকাৰেও এনহআহএছটিলৈ প্রয়োজনীয় অতিৰিক্ত সহায় ডপলব্ধ কৰাব৷

উল্লেখ্য যে ভাৰত চৰকাৰৰ ‘কাউন্সিল অৱ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্রিয়েল ৰিছার্চ’ৰ দ্বাৰা পৰিচালিত এনহআইএছটিৰ এডভান্সড ম’লিকুলাৰ লেবৰেটৰী হৈছে সম্পূর্ণ জিন’মিক ছিকুয়েঞ্চিঙৰ পৰীক্ষা কৰিব পৰা ডত্তৰ–পূর্বাঞ্চলৰ একমাত্র পৰীক্ষাগাৰ৷ অসমতো অমিক্রনৰ ব্যাপক সংক্রমণৰ আশংকাৰ প্রতি লক্ষ্য ৰাখিয়েহ ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্ভাব্য অমিক্রন আক্রান্তৰ নমুনাৰ সম্পূর্ণ জিন’মিক ছিকুয়েঞ্চিং কৰিব পৰাকৈ গুৱাহাটীত শীঘ্রে এনে উচ্চস্তৰীয় পৰীক্ষাগাৰ স্থাপনৰ যো–জা চলাহছে৷ ইয়াৰ পিছতে স্বাস্থ্যমন্ত্রী মহন্তৰ নেতৃত্বত যোৱা স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় দলটোৱে এনহআহএছটিৰ সঞ্চালকৰ সৈতে এডভান্সড ম’লিকুলাৰ লেবৰেটৰীটোও পৰিদর্শন কৰে৷ পৰিদর্শনৰ সময়ত ইয়াৰ গৱেষক তথা অণুজীৱ বিশেষজ্ঞসকলৰ লগত মত বিনিময় কৰি পৰীক্ষাগাৰত ভাইৰাছৰ নমুনাৰ জিন’মিক ছিকুয়েঞ্চিঙৰ বিভিন্ন প্রক্রিয়া আৰু সময়–ক্রমৰ বিষয়ে বুজ লয়৷ স্বাস্থ্যমন্ত্রী মহন্তই বিগত দুবছৰত ৰাজ্যত ক’ভিডৰ বিৰুদ্ধে চলোৱা যুঁজৰ প্রতি এনহআহএছটিয়ে আগবঢ়োৱা সহায়–সহযোগিতাৰ বাবে কেন্দ্রটোৰ শলাগ লোৱাৰ লগতে কৃতজ্ঞতাও জ্ঞাপন কৰে৷

You might also like