জিএমচিএইচৰ ৩ চিকিৎসক ক’ভিড–১৯ত আক্রান্ত
নিয়মীয়া বাৰ্তা ১৭ জুনঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৩গৰাকী চিকিৎসক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাৰ পৰা জানিব পৰা অনুসৰি চিকিৎসক যুগান্ত ৰয়, সিদ্ধার্থ নন্দী আৰু আব্দুল হালিম সৰকাৰৰ দেহত শেহতীয়াকৈ ক’ভিড–১৯ৰ অৱস্থিতি পোৱা গৈছে৷ তেওঁলোকে ক’ভিড ৰোগীৰ চিকিৎসাৰ সৈতে জড়িত আছিল৷ ক’ভিড আইছ’লেচন ৱার্ডত সেৱা আগবঢ়াই পৰৱর্তী পর্যায়ত কোৱাৰেণ্টাইনলৈ যায়৷ শেহতীয়াকৈ তেওঁলোকৰ দেহত ক’ভিড–১৯ ধৰা পৰিছে৷