নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত সুৰাভর্তি দুখন ট্রাক জব্দ

নিয়মীয়া বাৰ্তা ১৮ জুনঃ সম্প্রতি ৰাজ্যত চোৰাং অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে৷ অৰুণাচলৰ পৰা নাগালেণ্ডত নিয়োজিত ভাৰতীয় সেনাক সুৰা যোগানৰ নামত প্রতিবছৰে হাজাৰ হাজাৰ বেৰেল অৰুণাচলী সুৰা অবৈধভাৱে নাগালেণ্ডলৈ সৰবৰাহ হৈ আহিছে৷ অসম আৰক্ষীৰ লগতে আবকাৰী বিভাগৰ কেইবাখনো তালাচী চকী থকাৰ পিছতো অৰুণাচলী সুৰা ৩৯নং ৰাষ্ট্রীয় ঘাইপথেৰে নাগালেণ্ডলৈ সৰবৰাহ হৈ আহিছে৷ বীৰা সিং নামৰ সুৰা মাফিয়াই অৰুণাচলৰ পৰা সেনা ছাউনীত সুৰা যোগানৰ নামত চালান প্রস্তুত কৰি অসম–নাগালেণ্ড সীমান্তৰ খটখটিত মজুত কৰি নাগালেণ্ডলৈ সৰবৰাহ কৰি আহিছে৷ এই বীৰা সিঙে অসমৰ শীর্ষ আৰক্ষীৰ লগত গোপন মিতিৰালিৰে সমগ্র চোৰাং কার্য সংঘটিত কৰি আহিছে৷ কুখ্যাত সুৰা মাফিয়া বীৰা সিঙে কার্বি আংলঙৰ খটখটিৰ গোপন স্থানত অৰুণাচলী সুৰা মজুত কৰি অসমৰ বিভিন্ন স্থানত অৰুণাচলী সুৰা সৰবৰাহ কৰি অসমৰ ৰাজহ সংগ্রহত ৰাম টাঙোন শোধাই আহিছে যদিও বর্তমানলৈকে বীৰা সিঙক গ্রেপ্তাৰ কৰাৰ সলনি কেৱল ৰক্ষণাবেক্ষণ দি আহিছে একাংশ আৰক্ষী আৰু আবকাৰী বিষয়াই৷ গোলাঘাট আবকাৰী বিভাগে বিভিন্ন সময়ত অভিযান চলাই বীৰা সিঙৰ সাতখনকৈ অৰুণাচলী সুৰা কণ্টেনাৰ ড্রাক জব্দ কৰিছে যদিও বীৰা সিঙে অব্যাহত ৰাখিছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়৷ বর্তমান বীৰা সিঙে মালবাহী ড্রাকেৰে সুৰা সৰবৰাহ কৰাৰ উপৰি চাউল, দাইল, আলু ড্রাকৰ ভিতৰতে প্রতি ড্রাকত ২৫০ কার্টনকৈ অৰুণাচলী সুৰা কার্বি আংলং আৰু নাগালেণ্ডলৈ সৰবৰাহ কৰি আহিছে৷ এই বীৰা সিঙৰ আৰক্ষী মহলৰ সুদৃষ্টি থকাৰ সুবাদতে নির্বিঘ্ণে চলাই আহিছে অবৈধ ব্যৱসায়৷ আনহাতে কার্বি আংলঙৰ বিভিন্ন স্থানত এতিয়া অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে, ফলত অসম চৰকাৰে প্রতিবছৰে কোটি টকাৰ ৰাজহ হেৰুৱাই আহিছে৷ আজি নুমলীগড়ৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত গোলাঘাটৰ সদৰ আবকাৰী পৰিদর্শক নিৰঞ্জন দাসৰ নেতৃত্বত অবৈধ অৰুণাচলী সুৰাৰ ট্রাকৰ বিৰুদ্ধে অভিযান চলে৷ এক গোপন সূত্রৰ ভিত্তিত আবকাৰী বিভাগৰ দলে অভিযান চলাই এ এছ–০৯ চি–৩০৮০ আৰু এ এছ–০৯ এ চি–৫৬১৫ নম্বৰৰ অবৈধ সুৰাভর্তি দুখন ট্রাক জব্দ কৰে৷ এই অবৈধ অৰুণাচলী সুৰাভর্তি ট্রাক দুখন জব্দ হোৱাটোৱে প্রতীয়মান কৰে কিদৰে সুৰা মাফিয়াই বিনাদ্বিধাৰে চলাই গৈছে ৰমৰমীয়া বেহা৷

You might also like