নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত চৰকাৰক সকীয়াই চাহ মজদুৰ সংঘৰ ‘শ্রমিক গর্জন’

চাহ শ্রমিকৰ মজুৰি বৃদ্ধিসহ ১১ দফীয়া দাবীত আন্দোলন

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ গোলাঘাটৰ সমন্বয় খেলপথাৰৰ পৰা চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি আৰু ক্ষুদ্র চাহ বাগিচাৰ শ্রমিকসকলৰ নূ্যনতম মজুৰি নির্ধাৰণৰ লগতে চাহ মজদুৰ সংঘৰ ১১ দফীয়া দাবীত গোলাঘাটত শ্রমিক গর্জন কার্যসূচী ৰূপায়ণ কৰে সহস্রাধিক চাহ শ্রমিকে৷ গোলাঘাটৰ লগতে যোৰহাট, শিৱসাগৰ, ডিব্রুগড, নাজিৰা, টীয়ক, আমগুৰি আদি চাহ মজদুৰ সংঘৰ শাখাসমূহৰ প্রতিনিধিসকলে গর্জন কার্যসূচীত অংশগ্রহণ কৰি সমৱেত চাহ শ্রমিকসকলক আদৰণী ভাষণ প্রদান কৰে চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সম্পাদক ঘনশ্যাম বাঢ়ৈয়ে৷ অসম চাহ মজদুৰ সংঘৰ সভাপতি তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী পবন সিং ঘাটোৱাৰৰ সভাপতিত্বত অনুষ্ঠিত বিশাল সমাৱেশত অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱলাই ভাষণ প্রদান কৰি কয় যে ৰাজ্য চৰকাৰৰ প্রতাৰণাৰ বাবেই আজি গোলাঘাট অঞ্চলৰ চাহ বাগিচাৰ শ্রমিকসকলে বাগিচাত কাম নকৰি এই গর্জন কার্যসূচীত অংশগ্রহণ কৰিছে৷ বিজেপিয়ে নির্বাচনৰ সময়ত চাহ শ্রমিকৰ কল্যাণৰ বাবে প্রকাশ কৰা ভিজন ডকুমেণ্টৰ প্রতিশ্রুতি এটাও পূৰণ নকৰিলে বুলি সমালোচনা কৰে৷ চৰকাৰে নির্বাচনৰ পূর্বে চাহ শ্রমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, ক্ষুদ্র চাহ শ্রমিকৰ নূ্যনতম মজুৰি নির্ধাৰণ কৰাকে ধৰি চাহ মজদুৰ সংঘৰ ১১ দফীয়া দাবী চনদ পূৰণৰ বাবে ৰাজ্য চৰকাৰলৈ চূডান্ত পত্র প্রেৰণ কৰাৰ পাছতো ৰাজ্য চৰকাৰে পূৰণ নকৰিলে৷

যাৰ বাবে সংঘই ইতিমধ্যে দুটা পর্যায়ৰ আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰাৰ পাছতো চৰকাৰে সঁহাৰি নিদিলে বুলি ক্ষোভ প্রকাশ কৰে৷ মজদুৰ সংঘই বর্তমান তৃতীয় পর্যায়ৰ সূচী অনুসৰি শ্রমিক গর্জন কার্যসূচী ৰূপায়ণ কৰি চৰকাৰক সকীয়নি দি কয় যে এতিয়াও যদি চৰকাৰে ব্যৱস্থা গ্রহণ নকৰে, চাহ বাগিচা এলেকাত কোনো ৰাজনৈতিক দলৰ নেতা প্রৱেশ কৰিব নোৱাৰিব বুলিও সকীয়নি দিয়ে অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদকগৰাকীয়ে৷ সভাত অসম চাহ মজদুৰ সংঘৰ সভাপতি তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী পবন সিং ঘাটোৱাৰে কয়– আজি মজদুৰ ভাই–ভনীসকলে নিজৰ প্রাপ্য অধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ উপার্জিত ধন খৰচ কৰি আহিছেছা৷ যদি চৰকাৰে আমাৰ দাবী এতিয়াও মানি নলয়, তেতিয়া চাহ মজদুৰ সংঘই চাহ মজদুৰ ভাই–ভনীসকলৰ সহযোগত দিছপুৰ চলো কার্যসূচী ৰূপায়ণ কৰিব৷ কার্যসূচীত অসম চাহ মজদুৰ সংঘৰ জন্মৰ সময়ৰ শুভাকাংক্ষী অপূর্ব বৰুৱাই শুভেচ্ছামূলক বক্তব্য প্রদান কৰা এই গর্জন কার্যসূচীত প্রাক্তন বিধায়ক ৰাজু চাহু, জীৱনতাৰা ঘাটোৱাৰ, আটছাৰ সহকাৰী সম্পাদক জগদীশ বৰা আদি সংঘৰ কেন্দ্রীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

You might also like