নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক কর্মচাৰীলৈ সুখবৰ, ১ ছেপ্টেম্বৰতেই পাব আগষ্ট মাহৰ দৰমহা

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ ৰাজ্যিক কর্মচাৰীসকলৰ বাবে সুখবৰ৷ অহা ১ ছেপ্টেম্বৰতেই লাভ কৰিব আগষ্ট মাহৰ দৰমহা৷ বিত্ত (বাজেট) বিভাগে কালি প্রতিখন জিলাৰ কোষাগাৰ বিষয়াসকলক এক তাঁৰবার্তাযোগে (নং বি বি ১৮৯/২০১৬/১৩৯) ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলৰ আগষ্ট মাহৰ দৰমহাৰ বিল, মজুৰি, পেন্সনৰ বিল আদি অহা ১ ছেপ্টেম্বৰৰ পৰা পাছ কৰিবলৈ নির্দেশ দিছে৷ ইয়াৰ লগে লগে ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলে অহা ১ ছেপ্টেম্বৰৰ পৰা আগষ্ট মাহৰ দৰমহা আৰু পেন্সন লাভ কৰাৰ পথ প্রশস্ত হৈ পৰে৷

You might also like