সাংবাদিকৰ চৰকাৰী পেন্সন ১০ হাজাৰলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২১ মে: ৰাজ্য চৰকাৰে আগবঢ়োৱা সাংবাদিক পেন্সন মাহিলি ৮ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ তদুপৰি কর্মৰত অৱস্থাত অকালতে মৃত্যুবৰণ কৰা সাংবাদিকৰ নিকটতম আত্মীয়ক ১ লাখ টকাৰ পৰা ৩ লাখ টকা পর্যন্ত সাহায্য আগবঢ়োৱা হ’ব৷ এই কথা ঘোষণা কৰিছে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই৷
উল্লেখ্য যে জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত আজি মন্ত্রী হাজৰিকাই আপকু, আছাম ইউনিয়ন অৱ ৱর্কিং জার্নেলিষ্ট, আছাম ফটো জার্নেলিষ্ট এছ’চিয়েচন আৰু ইলেক্ট্র’নিক মিডিয়া ফ’ৰামৰ প্রতিনিধিবর্গৰে এক বৈঠকত মিলিত হয়৷ সাংবাদিক সংগঠনকেইটাৰে হোৱা এই বৈঠকতে উক্ত সিদ্ধান্তকেইটা লোৱাৰ কথা ঘোষণা কৰে মন্ত্রী হাজৰিকাই৷
তেওঁ জানিবলৈ দিয়া মতে, এতিয়াৰে পৰা প্রতি মাহৰ ১০ তাৰিখে তথ্য আৰু জনসংযোগ বিভাগে তথা আজিৰ বৈঠকত অংশগ্রহণ কৰা সাংবাদিক সংগঠনকেইটাৰ প্রতিনিধিবর্গৰে আলোচনাত মিলিত হ’ব৷ এই আলোচনাৰ জৰিয়তে উল্লেখ কৰা বিষয়সমূহ সুচাৰুৰূপে চলাই নিয়াৰ হকে কার্যপন্থা গ্রহণ কৰিব৷ বৃহস্পতিবাৰৰ বৈঠকত তথ্য আৰু জনসংযোগ বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল, সঞ্চালক অনুপম চৌধুৰী আৰু কেইবাজনো শীর্ষ বিষয়া উপস্থিত আছিল৷