সাঁচি গছৰ পৰা চৰকাৰে ৰাজহ পাব, এতিয়া পুলিচে বৈধ ব্যৱসায়ীক হাৰাশাস্তি নকৰাৰ ঘোষণা ৰামকৃষ্ণ ঘোষৰ
নিয়মীয়া বার্তা, ৮ জুন : এতিয়াৰ পৰা পুলিচে ৰাস্তাত ক্ষুদ্ৰ বৈধ ব্যৱসায়ী সকলক আৰু হাৰাশাস্তি কৰিব নোৱাৰিব , চৰকাৰৰ ৰাজহ আদায় দি বৈধভাবে সাঁচি গছৰ (অগৰু) ব্যৱসায় কৰক , অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে সাঁচি গছৰ বৈধ ব্যৱসায় মুকলিকৈ কৰাৰ অনুমতি প্ৰদান কৰিছে, যিটো নেকি বিগত বহু বছৰ পূৰ্বৰ চৰকাৰে কৰা নাছিল , এতিয়াৰ পৰা ব্যৱসায়ী সকলে চৰকাৰী ৰাজহ পৰিশোধ কৰি অনা-নিয়াৰ কৰক কোনো পুলিচে দিকদাৰ নিদিয়ে’ এই মন্তব্য হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ৷ উল্লেখ্য যে,ক্ষুদ্ৰ ক্ষুদ্ৰ অগৰু তথা সাঁচি গছৰ ব্যৱসায়ী সকলৰ কাৰণে এটি ভাল খবৰ লৈ আহিছে North East Small Industry Of Aromatics আৰু অসম ৰাজ্যিক পৰিৱহন নিগম শিৱসাগৰ (ASTC)ৰ দ্বাৰা হোজাইৰ ইছলাম নগৰলৈ এখন বাছসেৱা চলাচলৰ ব্যৱস্থা কৰা হৈছে ৷ এই সন্দৰ্ভত আজি ইছলাম নগৰত বিজু সোনোৱালৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথি হিচাপে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকি ফিটা কাটি AS20-1805 নম্বৰৰ পৰিৱহন বিভাগৰ বাছসেৱা মুকলি কৰাৰ লগতে ইছলাম নগৰত হিজবুল্লা আহমেদৰ পৰিচালনা এটি শাখা কাৰ্যালয় মুকলি কৰে ৷ এই কাৰ্যালয়ৰ পৰা বাছৰ টিকট ক্ষুদ্ৰ অগৰু ব্যৱসায়ীসকলে আগতীয়াকৈ সংগ্ৰহ কৰিব পাৰিব ৷ হিজবুল্লাৰ লগতে সহযোগী হিচাপে শ্বাইৰুল ইছলাম থাকিব ৷ নৰ্থ ইষ্ট স্মল ইণ্ডাষ্ট্ৰি অফ এৰমেথিকৰ সভাপতি বিজু সোনোৱালে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি কয়- আজি হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে ইছলাম নগৰত এই বাছসেৱা মুকলি কৰাৰ লগতে ইয়াৰ কাৰ্যালয়খনো উদ্বোধন কৰিছে ৷ এতিয়াৰ পৰা হোজাই জিলাৰ অগৰু ব্যৱসায়ী ৰাইজৰ কোনো অসুবিধা নহয় , কাৰণ যিসকল ব্যৱসায়ী আমাৰ শিৱসাগৰ , নামতি , গোলাগাট , নাহৰনি আদি অঞ্চলৰ পৰা পৰিৱহন বিভাগৰ উক্ত বাছখনেৰে চৰকাৰ নীতি , নিয়মৰ মাজেৰে জিএছটিকে ধৰি যি পৰিমানৰ ৰাজহ হব , সেই চৰকাৰী ক’ৰ দি ক্ষদ্ৰ ব্যৱসায়ী সকলে আগদিনা গৈ পিছদিনা নিজৰ সাঁচি গছ লৈ আকৌ উভতি আহিব পাৰিব ৷ ইচ্ছা কৰিলে সাঁচি গছ গাড়ীত দি মানুহ বেলেগ গাড়ীতো যাব পাৰিব , তাত কোনো অসুবিধা নাই ৷ ক্ষুদ্ৰ ব্যৱসায়ী সকলে অবৈধ বাবে ব্যৱসায় কৰিলে বাটত টকা দিওতে দিওতে ব্যৱসায়ী জনৰ লাভৰ অংশ শেষ হৈ যায় ৷ এতিয়াৰ পৰা আৰু অসুবিধা নাথাকিব বুলি উল্লেখ কৰি বিজু সোনোৱালে বিধায়ক ৰামকৃষ্ণ ঘোষৰ লগতে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয় ৷ ইছলাম নগৰৰ সমীপত তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ আগৰ ব্যৱসায়ী সকলৰ কাৰণে এটি গোদাম ঘৰৰ ব্যৱস্থা কৰিছে ৷ আজিৰ ৰাজহুৱা সভাখন পৰিচালনা কৰাৰ ক্ষেত্ৰত ইছলাম নগৰৰ যুৱক তৈয়বুৰ ৰহমান( কটল) আঁতধৰা সভাখনত ইছলাম নগৰ( ফতেহপুৰ) ৰ আব্দুল জলিল , হবিবুৰ ৰহমানৰ লগতে প্ৰায় শতাধিক সৰু – ডাঙৰ ব্যৱসায়ী উপস্থিত আছিল ৷ সভাত ভাষণ প্ৰসংগত আব্দুল জলিলে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক সমালোচনা কৰি কয়- সেই সময়ত মন্ত্ৰী ৰকিবুলৰ নামত ইয়াৰ একাংশ স্থানীয় কংগ্ৰেছীয়ে সপ্তাহ , মাহেকত ব্যৱসায়ীৰ পৰা ধন আদায় কৰিছিল কিন্তু ৰাইজক ব্যৱসায়ৰ সুবিধা কৰি দিয়া নাচিল ৷ বৰ্তমান বিজেপি নেতৃত্বাধীন হিমন্ত চৰকাৰে ৰাইজৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীৰ কথা চিন্তা কৰি কাম কৰি যোৱা বুলি মন্তব্য কৰি হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষক ধন্যবাদ জনায় ৷